অসম

assam

ETV Bharat / state

নগাঁৱত কৃষিভূমি ব্যক্তিগত কোম্পানীত গতাই দিয়াৰ অভিযোগত কৃষক বিক্ষোভ - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

নগাঁৱত প্ৰতিবাদ ৷ কৃষিভূমি বে-আইনী ভাৱে ব্যক্তিগত কোম্পানীক গতাই দিয়াৰ অভিযোগ ৰাইজৰ ৷ কোনো কাৰণতে কৃষকৰ দখলকৃত কৃষিভূমি ব্যক্তিগত কোম্পানীক গতাই নিদিয়াৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ।

farmers-protest-in-nagaon
নগাঁৱত কৃষিভূমি ব্যক্তিগত কোম্পানীত গতাই দিয়াৰ অভিযোগত কৃষক বিক্ষোভ

By

Published : Jan 12, 2021, 5:41 PM IST

নগাঁও, 12 জানুৱাৰী : ৰাজ্যবাসীয়ে ভোগালী বিহুক লৈ ব্যাপক ব্যস্ত হৈ পৰাৰ সময়তে মঙলবাৰে নগাঁৱত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷ মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষিভূমি বে-আইনী ভাৱে ব্যক্তিগত কোম্পানীক গতাই দিয়াৰ অভিযোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

মঙলবাৰে নগাঁৱৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰায়তী খতিয়ান প্ৰাপ্ত বৃহৎ কৃষিভূমি ব্যক্তিগত কোম্পানীক গতাই দিয়াৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকসকলে । ৰায়তী খতিয়ানপ্ৰাপ্ত কৃষকৰ ভূমি আজুৰ নামৰ এটা ব্যক্তিগত কোম্পানীক বে-আইনী আৰু বলপূৰ্বকভাৱে গতাই দিয়াৰ অভিযোগ উত্থাপন কৰি গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ।

নগাঁৱত কৃষিভূমি ব্যক্তিগত কোম্পানীত গতাই দিয়াৰ অভিযোগত কৃষক বিক্ষোভ

নিখিল ভাৰত কৃষক সভাৰ নগাঁও জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, যৌথ সংগ্ৰামী মঞ্চ আদি কেবাটাও সংগঠনৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে মিকিৰ বামুনী গ্ৰাণ্টৰ কৃষকসকলে । বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে কৃষকসকলে । লগতে, কোনো কাৰণতে কৃষকৰ দখলকৃত কৃষিভূমি ব্যক্তিগত কোম্পানীক গতাই নিদিয়াৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে ।

লগতে পঢ়ক :চৰকাৰলৈ শেষ সকীয়নি লাইকা-দধীয়াবাসীৰঃ 20 জানুৱাৰী শেষ তাৰিখ

ABOUT THE AUTHOR

...view details