নগাঁও, ২৩ মাৰ্চ:বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই বৰো ধানৰ খেতিত মেলিছে ছিঁৰাল ফাঁট ৷ চৰকাৰৰ আঁচনি লাভ কৰিও উপকৃত হ'ব পৰা নাই ৰাজ্যৰ কৃষক সকল ৷ নগাঁৱৰ কঠিয়াতলী গৰুবন্ধা মিকিৰগাঁৱৰ কৃষকৰ এতিয়া নাজল-নাথল অৱস্থা (Farmers facing problems in Barhampur) ।
পানীৰ অভাৱত পথাৰতে বৰো ধানৰ খেতিত মেলিছে ছিঁৰাল ফাঁট ৷ বৰো ধানৰ খেতি কৰিবলৈ ৰাজ্যৰ কৃষক সকলক চৰকাৰী ভাৱে পানীৰ পাম্পৰ যোগান ধৰিছে যদিও বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে কৃষক সকলে মূৰে কপাঁলে হাত দিব লগা হৈছে ৷