চামগুৰি, 12 নবেম্বৰ :কাতি বাগৰি আঘোণ সোমাবৰ হ’ল ৷ এইয়া শইচ সোণোৱালী পথাৰৰ পৰা সোণগুটিৰ থোকে ৰিঙিওৱাৰ সময় ৷ শাওণৰ ভৰুণ বুকুত ৰোপিত কৃষকৰ সেউজীয়া সপোন এতিয়া সোণোৱালী হ’বলৈ ধৰিছে ৷ পুনৰ পথাৰত ব্যস্ত হোৱাৰ সময় আহিছে কৃষকৰ ৷ আঘোণৰ পথাৰৰ মাদকতাই সুকীয়া ৷ চিক মিক কাঁচিৰে মুঠি মুঠিকৈ কৈ ধান কাটে দাৱনীয়ে ৷ দাঙৰি বান্ধি পথাৰৰ লখিমী কান্ধত তুলি ঘৰলৈ আনে কৃষকে ৷ এই সোণ গুটিমুঠিয়েই হৈছে চহা কৃষকৰ সম্বল ৷
আঘোণৰ পথাৰ মানে কষ্টৰ মাজত জিলিকি থাকে এক আশা ৷ সোণোৱালী ধাননি পৰা ভাঁহি আহে জাক জাক দাৱনীৰ খিলখিল হাঁহি অথবা কিৰিলি ৷ নৰাৰ পেঁপা সাজি বজাই আলিয়ে আলিয়ে দেও দি ফুৰে শিশু আৰু চেমনীয়াবোৰে ৷ তাৰ মাজতে কোনোৱে ধান কাটিবলৈ যাওতেই লগত লৈ যায় ৰবাব টেঙা অথবা চকলা টেঙা আদি ৷ নৰানিত বহি আঘোণমহীয়া ৰ’দৰ আমেজ লৈ টেঙাৰ সোৱাদ লয় দাৱনী হতে ৷
আন ঠাইৰ লগতে সোণোৱালী পথাৰত সোণগুটি চপোৱাত ব্যস্ত এতিয়া ধিঙৰ কৃষকসকল ৷ গাঁৱৰ পুৰুষ, মহিলা, জীয়ৰী, বোৱাৰী সকলো এতিয়া আনন্দ মনেৰে ব্যস্ত হৈ পৰিছে সোণগুটি চপোৱাত ৷ ধিঙৰ বটাবাৰী চহৰীয়াত অতীতৰ হেন্দাৰী পাল নিয়মেৰে গাঁওখনৰ লোকসকলে সোণগুটি চপোৱাত সহায় কৰিছে ইজনে সিজনক ৷ অকল এয়াই নহয় ধান ৰোৱা সময়তো গাঁৱৰ প্ৰতিঘৰ লোকে সহায় আগবঢ়ায় এজনে আনজনক ৷
বড়ো গীতৰ লহৰত হালিছে জালিছে ধিঙৰ পথাৰৰ সোণগুটি দৰিদ্ৰ, চহকী বুলি কোনো ভেদাভেদ নথকা বড়ো সম্প্ৰদায়ৰ এই সকল লোকসকলৰ এইয়া আজিৰ পৰম্পৰা নহয়, এইয়া তেওঁলোকৰ অতীতৰ পৰম্পৰা ৷ সঁচা অৰ্থত কৃষক এইসকল অসমীয়া ৷ নিজৰ কৃষ্টি, সংস্কৃতিৰ লগতে আজিও সজীৱ কৰি ৰাখিছে তেওঁলোকৰ একতা আৰু ভাতৃত্ববোধ ৷ সেয়ে এতিয়া এনেদৰে বড়ো গীত নৃত্যৰে মুখৰিত হৈ পৰিছে সোণোৱালী ধাননি পথাৰ ৷ এয়াই যেন চহা গাঁৱলীয়া চহা জীৱনৰ নিভাজ প্ৰতিচ্ছবি ৷ ইয়াতেই এইসকল লোকে বিচাৰি পাইছে জীৱনৰ প্ৰকৃত ৰং ৷
লগতে পঢ়ক :আলফা(স্বা)ৰ উপমুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণ