ধিং, 5 এপ্ৰিল : মৈৰাবাৰীত ষ্ট্ৰৱেৰী আৰু জাৰবেৰা ফুল উৎপাদনকাৰী কৃষকৰ হাহাকাৰ ৷ লক্ ডাউনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে কৃষক সকল ৷ বিশেষকৈ ষ্ট্ৰৱেৰী আৰু জাৰবেৰা ফুলবোৰ নষ্ট হ'বলৈ ধৰিছে । মৈৰাবাৰীৰ নুৰুল আমিন নামৰ লোক জনে ছয় বিঘা মাটিত ষ্ট্ৰৱেৰী আৰু জাৰবেৰা ফুলৰ খেতি কৰিছিল ৷ কিন্তু বৰ্তমান কোনো সভা-সমিতি অথবা বিয়া-সবাহ নোহোৱাত জাৰবেৰা ফুল বিক্রী কৰিব নোৱাৰা হৈছে। ইপিনে ষ্ট্ৰৱেৰী সমূহ পকি পথাৰতে পচিবলৈ ধৰিছে। যাৰ বাবে লোকচানৰ সন্মখীন হৈছে কৃষকগৰাকী ।
লক্ ডাউনে বিপন্ন কৰিছে কৃষকৰ জীৱনৰ - ষ্ট্ৰৱেৰী আৰু জাৰবেৰা ফুলৰ খেতি
লক্ ডাউনৰ বাবে বিপদত পৰিছে কৃষক ৷ সময় মতে ফচল বিক্ৰী কৰিব নোৱাৰাত লোকচানৰ সন্মূখীন হৈছে ৰাজ্যৰ কৃষক সকল ৷ ঋণ পৰিশোধৰ চিন্তাই হতাশাত পোলাইছে কৃষকক ৷
![লক্ ডাউনে বিপন্ন কৰিছে কৃষকৰ জীৱনৰ farmer getting lose due to Lock down](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6671170-3-6671170-1586083264401.jpg)
farmer getting lose due to Lock down