নগাঁও,29 ডিচেম্বৰ: নগাঁৱৰ বঢ়মপুৰৰ বামুনী মিকিৰ গ্ৰাণ্টৰ কৃষকৰ ওপৰত বীৰত্ব প্ৰদৰ্শন আৰক্ষীৰ। খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনতেই ভূমিহীন হোৱাৰ উপক্ৰম হৈছে নগাঁৱৰ বঢ়মপুৰৰ বামুণী গ্ৰাণ্টৰ কেবাশতাধিক কৃষকৰ । ৰায়তী খতিয়ানপ্ৰাপ্ত কৃষকক উচ্ছেদৰ চেষ্টাক লৈ মঙলবাৰে উত্তপ্ত হৈ পৰে মিকিৰ বামুণী গ্ৰাণ্ট । এটা ব্যক্তিগত কোম্পানীক প্ৰদান কৰাৰ উদ্দেশ্যে মঙলবাৰে কৃষকসকলক উচ্ছেদৰ চেষ্টা কৰোঁতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । আৰক্ষীক একাংশ কৃষকে বাধা প্ৰদানৰ চেষ্টা কৰাৰ বাবে কৃষকৰ ওপৰত জঁপিয়াই পৰে আৰক্ষী বাহিনী ।
নগাঁৱত কৃষকৰ ওপৰত বীৰত্ব প্ৰদৰ্শন আৰক্ষীৰ - nagaon farmers beaten up by police
নগাঁৱৰ বঢ়মপুৰৰ বামুনী মিকিৰ গ্ৰাণ্টৰ কৃষকৰ ওপৰত আৰক্ষীৰ প্ৰহাৰ ৷ ৰায়তী খতিয়ানপ্ৰাপ্ত কৃষকক উচ্ছেদৰ চেষ্টাক লৈ মঙলবাৰে উত্তপ্ত হৈ পৰে মিকিৰ বামুণী গ্ৰাণ্ট।
কৃষকৰ ওপৰত লাঠিচালনা কৰে আৰক্ষীৰ বৃহৎ বাহিনীয়ে । আৰক্ষীৰ প্ৰহাৰত বহুকেইজন পুৰুষ মহিলা গুৰুতৰভাৱে আহত হয় । আহত লোকসকলক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ৰায়তী খতিয়ানপ্ৰাপ্ত কৃষকৰ ভূমি ব্যক্তিগত কোম্পানীক গতাই দিয়াৰ বিৰোধিতা কৰি নগাঁৱত বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰি অহাৰ পিছতো বৃহৎ কৃষিভূমি কৃষকৰ বিপৰীতে ব্যক্তিগত কোম্পানীক দিয়াৰ বাবে কৃষকক উচ্ছেদৰ চেষ্টা চলোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ নগাঁৱত।
লগতে পঢ়ক-শিৱসাগৰৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব অখিল গগৈয়ে