নগাঁও, 16 জুলাই : নগাঁৱৰ বটদ্ৰৱাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । নিজ পত্নীক নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে স্বামীৰ বিৰুদ্ধে (Husband beheaded wife)। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় এক উত্তেজনাময় পৰিৱেশৰ ৷
ছাৰ্ফ খুৱাই পত্নীক হত্যাৰ অভিযোগ এমৰাদুলৰ বিৰুদ্ধে ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে দুপৰীয়া নগাঁৱৰ বটদ্ৰৱাৰ লালুং গাঁৱৰ এমৰাদুল ইছলাম আৰু তেওঁৰ পত্নীৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় । পৰৱৰ্তী সময়ত এই কাজিয়াই লয় ভয়ংকৰ ৰূপ । প্ৰায়েই পৰিয়ালকেন্দ্ৰিক সংঘাত চলি থকাৰ দৰে শণিবাৰেও দুই স্বামী-স্ত্ৰীৰ মাজত সৃষ্টি হৈছিল সংঘাতৰ ৷
পৰৱৰ্তী সময়ত স্বামী এমৰাদুল ইছলাম অধিক উত্তেজিত হৈ দৌৰাই দৌৰাই পত্নীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে (Allegation against husband of killing wife) । নিজ পত্নীৰ ওপৰত আক্ৰমণ কৰাৰ পিছতো শান্ত নহৈ অভিযুক্ত স্বামী এমৰাদুল ইছলামে পত্নীক ছাৰ্ফ খুৱাই হত্যা কৰে ৷ এই অভিযোগ উত্থাপন কৰিছে নিহত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ।
লগতে পঢ়ক :কৰিমগঞ্জত কন্যা সন্তান জন্ম দিয়াৰ বাবে বোৱাৰীক হত্যা
তথ্য অনুসৰি, প্ৰথমা পত্নী থকা অৱস্থাতে অভিযুক্ত এমৰাদুলৰ সৈতে কিছু মাহ পূৰ্বে নিহত মহিলাগৰাকী বিবাহ পাশত আৱদ্ধ হৈছিল ৷ তাৰ পাচতে সঘনে কাজিয়া হ’বলৈ ধৰে দুয়ো স্বামী-স্ত্ৰীৰ মাজত ৷ শণিবাৰে হঠাৎ কন্যাৰ মৃত্যু হোৱা বুলি জানিব পাৰি নিহত মহিলাগৰাকীৰ পৰিয়ালৰ লোক উপস্থিত হয় অভিযুক্ত এমৰাদুলৰ বাসগৃহত । তাৰ পাচতে সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷
অৱশ্যে পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে খবৰ দিয়ে বটদ্ৰৱা আৰক্ষীক ৷ ঘটনাৰ বিষয়ে জানিব পাৰি সেই স্থানত উপস্থিত হয় আৰক্ষী আৰু উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহ ৷ তাৰ পিছত আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ আনহাতে, এই ঘটনা সন্দৰ্ভত নিহত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ ৷
এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে 302 ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰি অভিযুক্ত এমৰাদুল ইছলামক আটক কৰে ৷ ইফালে অভিযুক্ত এমৰাদুল ইছলামে তেওঁৰ পত্নীক হত্যা কৰা নাই বুলি মন্তব্য কৰে ৷ ইয়াৰ বিপৰীতে তেওঁৰ পত্নীয়ে নিজে ছাৰ্ফ খাই আত্মহত্যা কৰা বুলি উল্লেখ কৰে ৷ অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্ততহে এই ঘটনাৰ সমূহ তথ্য পোহৰলৈ আহিব ৷
লগতে পঢ়ক :A Thrilling incident: পত্নীৰ কটা মূৰ লৈ খোজ কাঢ়ি পালেগৈ আৰক্ষী চকী