অসম

assam

ETV Bharat / state

Abhi Neel murder case : 2021 ৰ শেষৰটো শুনানিত সাক্ষীয়ে আদালতত মিছা সাক্ষ্য প্ৰদানৰ অভিযোগ - নগাঁও জিলা ও সত্ৰ ন্যায়াধীশৰ আদালত

ডকমকাৰ নৃশংস নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ শুনানি (Hearing of Abhi Neel murder case) । চাক্ষুষ সাক্ষীয়ে আদালতত ভাষ্য সলনি কৰাৰ অভিযোগ নীল-অভিৰ পৰিয়ালৰ । সাক্ষীয়ে আদালতত মিছা সাক্ষ্য প্ৰদানৰ অভিযোগ নিলোৎপল-অভিজিতৰ পিতৃৰ (Witness turned hostile in Abhi Neel murder case ) । সময়ৰ অভাৱত মাত্ৰ এগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ আদালতৰ ।

Abhi Neel murder case
Abhi Neel murder case

By

Published : Dec 21, 2021, 6:00 PM IST

Updated : Dec 21, 2021, 7:37 PM IST

নগাঁও, 21 ডিচেম্বৰ :আজিও বিচাৰাধীন হৈ আছে কাৰ্বি আংলং জিলাৰ কাণ্ঠিলংচ’ত সংঘটিত অভি-নীল হত্যাকাণ্ডৰ গোচৰ(Abhi Neel murder case in Karbi Anglong) ৷ নগাঁও আদালতত চলি থকা এই গোচৰৰ বিচৰা প্ৰক্ৰিয়াৰ শুনানিত এগৰাকী চাক্ষুষ সাক্ষীয়ে ভাষ্য সলনি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নীলোৎপল আৰু অভিজিতৰ পিতৃয়ে (Witness turned hostile in Abhi Neel murder case)৷ মঙলবাৰে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতত স্থানীয় দুগৰাকী সাক্ষীৰ সাক্ষ্যগ্ৰহণৰ কথা আছিল যদিও সময়ৰ অভাৱত এগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ ন্যায়াধীশে ।

লগতে পঢ়ক :তিনিবছৰেও সম্পূৰ্ণ হোৱা নাই অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া

২০১৮ চনৰ জুন মাহত নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা স্থানৰ দুগৰাকী সাক্ষীয়ে আদালতৰ নিৰ্দেশ মতে মঙলবাৰে সাক্ষ্যদান কৰিবলৈ নগাঁও আদালতত উপস্থিত হয় ৷ কিন্তু সময়ৰ অভাৱত এগৰাকীয়ে সাক্ষ্যদান কৰাৰ বিপৰীতে সম্ভৱ নহ'ল দ্বিতীয়গৰাকী সাক্ষীৰ সাক্ষ্যদান । ঘটনা সংঘটিত হোৱাৰ সময়ত আৰক্ষীৰ সন্মুখত ঘটনাৰ সবিশেষ সাক্ষ্য দিয়া বুলি আৰক্ষীয়ে লিপিবদ্ধ কৰিছিল যদিও মঙলবাৰে মহিলা সাক্ষী গৰাকীয়ে সম্পূৰ্ণ বিপৰীত ভাষ্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে দুই ভুক্তভোগী নীলোৎপল আৰু অভিজিৎৰ পিতৃয়ে ।

আনকি চৰকাৰী পক্ষৰ অধিবক্তাই কৰা জেৰাৰ সময়ত এটা ভাষ্য প্ৰদান কৰা সাক্ষীগৰাকীয়ে পুনৰ বিপৰীত পক্ষৰ অধিবক্তাৰ জেৰাত সম্পূৰ্ণ বিপৰীত ভাষ্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে নীল-অভিৰ পৰিয়ালে ।

2021 ৰ শেষৰটো শুনানিত সাক্ষীয়ে আদালতত মিছা সাক্ষ্য প্ৰদানৰ অভিযোগ

লগতে পঢ়ক :ন্যায় প্ৰক্ৰিয়াত বিলম্ব: তিনিটা বছৰৰ অতিক্ৰম অভি-নীল হত্যাকাণ্ড

মহিলা সাক্ষীগৰাকীয়ে ভাষ্য সলনি কৰা কাৰ্যই বিশেষ কোনো অসুবিধাৰ সৃষ্টি নকৰে বুলি আশাবাদী দুয়োটা পৰিয়াল । নগাঁও আদালতত চলি থকা গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াত অধিকাংশ সাক্ষীয়ে সঁচা সাক্ষ্য প্ৰদান কৰাত উপযুক্ত ন্যায় লাভ কৰিব বুলিও আশাবাদী পৰিয়াল দুটা । নগাঁও আদালতত চলি থকা ডকমকাৰ নৃশংস হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত গোচৰটোৰ মুঠ ৭১ গৰাকী সাক্ষীৰ ভিতৰত ৬৬ গৰাকীৰ সাক্ষ্য গ্ৰহণ সম্পূৰ্ণ হৈছে । মঙলবাৰে নগাঁও আদালতত বছৰটোৰ অন্তিম শুনানি গ্ৰহণ কৰে আদালতে (Hearing of Abhi Neel murder case)।

লগতে পঢ়ক :নীল-অভি হত্যাকাণ্ড গোচৰত হেঙাৰ হৈ পৰা কোন এই তৃতীয় শক্তি ?

উল্লেখ্য যে, 2018 বৰ্ষৰ 8 জুনত কাৰ্বি আংলং জিলাৰ ডকমকাৰ কাণ্ঠিলাংচ’ত গণৰোষৰ বলি হৈ মৃত্যুক আঁকোৱালি লৈছিল অভিজিৎ নাথ আৰু নীলোৎপল দাস নামৰ গুৱাহাটীৰ দুই যুৱকে (Abhi Neel killed in mob lynching at Dakmoka) ৷ কোনো বিষয়ত হোৱা সাধাৰণ কথাৰ কটা-কটিৰ পাচতেই এদল উন্মাদপ্ৰায় লোকৰ জিঘাংসাৰ বলি হৈ মৃত্যুক আঁকোৱালি লৈছিল দুয়োজন যুৱকে ৷ মৃত্যুৰ আগ মূহুৰ্তলৈকে নিজকে অসমীয়া বুলি চিঞৰি চিঞৰি পৰিচয় দিয়াৰ পাচতো আক্ৰমণকাৰী দলটো ক্ষান্ত হোৱা নাছিল ৷ নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰা হৈছিল দুয়োজন যুৱকক ৷

লগতে পঢ়ক :অভি-নীল হত্যাকাণ্ড, কি কয় বিজন মহাজনে?

অভি-নীলৰ হত্যাৰ ঘটনাই কেৱল অসম বা ভাৰততে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চা লাভ কৰিছিল ৷ এই নাৰকীয় ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছিল সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ৰাছিয়াতো (Protest against Abhi Neel murder in Russia)। সকলোৱে একেমুখে এই জঘন্য় ঘটনাক গৰিহণা দিয়াৰ লগতে দাবী তুলিছিল অভিযুক্তক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ বাবে ৷

এই ঘটনা সন্দৰ্ভত ডকমকা থানাত ৰুজু হৈছিল 33/2018 নম্বৰত এটা গোচৰ ৷ কিন্তু যাতে ঘটনাৰ নিৰপেক্ষ বিচাৰ হয় আৰু কোনেও যাতে বিচাৰ প্ৰক্ৰিয়ালৈ আঙুলি টোঁৱাব নোৱাৰে, তাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে গোচৰটো ডিফু আদালতৰ পৰা নগাঁও আদালতলৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷

তাৰ পাচতেই নীল-অভি হত্যাকাণ্ডৰ গোচৰত 47 গৰাকী লোকক অভিযুক্ত হিচাপে আটক কৰিছিল আৰক্ষীয়ে ৷ ইয়াৰ মাজত আছিল মূল অভিযুক্ত আলফা জ’চ টিমুং (Main accused of Abhi Neel murder case) ৷

লগতে পঢ়ক :Neel-Abhi Murder : চূড়ান্ত ৰায়ৰ দিশে নীল-অভি হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া

দুয়োপক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পাচত আদালতে 47 জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ 143/147/148/149/186/332/341/302/427 ধাৰা আৰোপ কৰি গোচৰটো আগুৱাই নিয়াৰ বাবে নিৰ্দেশ প্ৰদান কৰে ৷ অৱশ্যে 48 গৰাকী অভিযুক্তক আৰক্ষীয়ে আটক কৰিছিল যদিও এগৰাকী নাবালক হোৱা হেতুকে তেওঁৰ বিৰুদ্ধে জুবেনাইল আদালতত বিচাৰ চলোৱাৰ নিৰ্দেশ দিয়ে আদালতে ৷

আদালতে প্ৰথম সাক্ষ্য গ্ৰহণৰ বাবে 2019 চনৰ 5 জানুৱাৰী দিনটো ধাৰ্য কৰে ৷ তেতিয়াৰে পৰা চলি আছে এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ৷ কিন্তু ঘটনাৰ তিনি বছৰ পাচতো এই বিচাৰৰ কোনো বিধান দিব পৰা পৰ্যায়লৈ আহিব পৰা নাই আদালত ৷ যাৰ ফলত আজিও ন্যায়ৰ বাবে অপেক্ষা কৰি ৰৈছে অভি-নীলৰ দুৰ্ভগীয়া পৰিয়ালে ৷

লগতে পঢ়ক :আদালতত ভাষ্য সলনি কৰিছে সাক্ষীয়ে ! সাৰি যাব পাৰে অভি-নীলৰ হত্যাকাৰী !

Last Updated : Dec 21, 2021, 7:37 PM IST

ABOUT THE AUTHOR

...view details