বঢ়মপুৰ,2 মাৰ্চঃক্ৰমাৎ অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে নগাওঁ জিলাৰ দক্ষিণ অঞ্চল ৷ কামপুৰৰ আটিগাঁৱত কপিলী দলঙৰ তলত সেনাৰ পোচাকৰ সৈতে উদ্ধাৰ চাৰিটা কাঠৰ বন্দুক। কামপুৰ যমুনামুখ সংযোগী আটিগাঁৱৰ কপিলী দলঙৰ তলত ৰহস্যজনক ভাৱে পৰি আছিল সামগ্ৰীখিনি। যমুনামুখ আৰক্ষীৰ লগতে কামপুৰ আৰু কচুৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অস্ত্ৰসহ পোছাকখিনি উদ্ধাৰ কৰে ৷
কপিলী দলঙৰ তলত সেনাৰ পোচাকৰ সৈতে উদ্ধাৰ চাৰিটা কাঠৰ বন্দুক - কপিলী দলঙৰ তলত সেনাৰ পোচাক
কামপুৰৰ আটিগাওঁ কপিলী দলঙৰ তলত সেনাৰ পোচাকৰ সৈতে উদ্ধাৰ চাৰিটা কাঠৰ বন্দুক । কামপুৰ যমুনামুখ সংযোগী আটিগাঁৱৰ কপিলী দলঙৰ তলত ৰহস্যজনকভাৱে পৰি আছিল সামগ্ৰীখিনি ।
কপিলী দলঙৰ তলত সেনাৰ পোচাক সৈতে উদ্ধাৰ চাৰিটা কাঠৰ বন্দুক
উল্লেখ্য যে, দেওবাৰৰ নিশা নগাঁও জিলাৰ কচুৱাৰ শিঙিমাৰীত এক শিহৰণকাৰী ডকাইতি কাণ্ড সংঘটিত হৈছিল । সেনাৰ পোছাকত অহা ১০/১২ জনীয়া ডকাইতৰ এটা দলে বন্দুক দেখুৱাই ব্যৱসায় ৰফিকুল ইছলামৰ বাসগৃহৰ পৰা লুটি নিছিল সোনৰ আ-অলংকাৰৰ লগতে নগদ দুই লাখ টকা ৷ ইয়াৰ পিছতেই কপিলী দলঙৰ তলত উদ্ধাৰ হোৱা এই সামগ্ৰীখিনিয়ে সমগ্ৰ ঘটনাক আৰু অধিক সন্দেহজনক কৰি তুলিছে ৷ দুয়োটা ঘটনাৰ মাজত সম্পৰ্ক থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়ক-গুজৰাটত শোকাৱহ পথ দুৰ্ঘটনা, 4 নিহত
Last Updated : Mar 3, 2020, 9:03 AM IST