নগাঁও, ৫ মে' :পুনৰ চর্চাত আৰক্ষী বিষয়া জোনমণি ৰাভা (Police officer Jonmani Rava gets re-practice)। শাসকীয় দলৰ বিধায়কক নীতি শিক্ষা দি চর্চালৈ অহা জোনমণি ৰাভা এইবাৰ চৰ্চালৈ আহিছে আন এটা বিষয়কলৈ । বৰ্তমান নগাঁও সদৰ আৰক্ষী থানাৰ মহিলা শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া এছ.আই জোনমণি ৰাভা । এইবাৰ প্ৰৱঞ্চকৰ টাৰ্গেট উপ-পৰিদৰ্শক জোনমণি ৰাভা (Fraudulent target Sub Inspector Jonmani Rava)। জোনমণি ৰাভাক বিয়া পাতিম বুলি মিছা পৰিচয়ৰ আশ্ৰয় লৈছিল এজন যুৱকে ।
ৰানা পগা'গ নামৰ যুৱকজনে আৰক্ষীয়ে বিষয়া জোনমণি ৰাভাক বিয়া পাতিবলৈ প্ৰত্যক্ষ প্ৰস্তাৱ আগবঢ়াইছিল । কিন্তু জোনমণি ৰাভাই তেওঁৰ পৰিয়ালৰ লোককহে প্ৰস্তাৱ আগবঢ়াবলৈ পৰামৰ্শ দিয়ে যুৱকজনক । জোনমণি ৰাভাক বিয়া পাতিবলৈ নিজকে ONGC ৰ জনসম্পৰ্কৰক্ষী বিষয়া বুলি পৰিচয় দিছিল ৰাণা পগা'গ নামৰ যুৱকজনে । সেইমতে আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল বিয়াৰ আলোচনা ।