নগাঁও,25 আগষ্টঃনগাওঁ আৰক্ষীৰ অভিযানত উৎখাত হ'ল অবৈধ জাল নোট প্ৰস্তুত কৰা এক বৃহৎ চক্ৰ ।ওৰে নিশা আৰক্ষীয়ে অভিযান চলাই লাভ কৰে এই সাফল্য ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ'জি কলিতাৰ নেতৃত্বত নগাঁৱৰ চামগুৰিত চলোৱা এই অভিযানত আৰক্ষীয়ে চাৰি লাখ টকাৰ নকল নোট জব্দ কৰাৰ লগতে এটা জালনোট তৈয়াৰী যন্ত্ৰও উদ্ধাৰ কৰে ।
নগাঁও আৰক্ষীৰ অভিযানত উৎখাত জাল নোটৰ বৃহৎ চক্ৰ - Nagaon police
নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ'জি কলিতাৰ নেতৃত্বত চামগুৰিত চলোৱা এক অভিযানত উৎখাত হৈছে জাল নোটৰ অবৈধ চক্ৰ ৷ এই অভিযানত চাৰি লাখ টকাৰ নকল নোট,জালনোট তৈয়াৰ কৰা যন্ত্ৰ জব্দ হয় ৷ ছয় জনকৈ জালনোট ব্যৱসায়ীক আৰক্ষীৰ আটক ৷
উৎখাত জাল নোটৰ বৃহৎ চক্ৰ
চামগুৰিৰ গেন্ধালিৰ ক্ষীৰোদ বৰগোহাঞি নামৰ লোকজনৰ ঘৰত চলোৱা এই আভিযানত আৰক্ষীয়ে আটক কৰে ছয় জনকৈ জালনোট ব্যৱসায়ীক । আটকাধীন লোককেইজন ক্ৰমে বিহপুৰীয়াৰ সুৰুজ আলী,ৰছিদ আলী, বিল্লাল হুছেইন , চামগুৰিৰ মহিম গগৈ, ক্ষীৰোদ বৰগোহাঞি আৰু কামালুদ্দিন। এই ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
Last Updated : Aug 25, 2019, 3:43 PM IST