অসম

assam

ETV Bharat / state

নিপন গোস্বামীৰ মৃ্ত্যুৰ উৰাবাতৰি প্ৰচাৰ কৰি ক্ষমা খুজিলে কুমুদ কৃষ্ণ বৰাই - Nipon Goswami

জ্যেষ্ঠ অভিনেতা নিপন গোস্বামীৰ মৃত্যু হোৱা বুলি অপপ্ৰচাৰ চলাই ৰাইজৰ ৰোষত পৰে বটদ্ৰৱাৰ কৰচুং সত্ৰৰ কুমুদ কৃষ্ণ বৰা নামৰ যুৱকজন ৷ বিতৰ্কত সোমাই পৰা যুৱকজনে ফেচবুকযোগে ৰাইজৰ ওচৰত ক্ষমা বিচাৰে ৷

কুমুদ কৃষ্ণ বৰা

By

Published : Jun 29, 2019, 1:01 PM IST

Updated : Jun 29, 2019, 1:30 PM IST

বটদ্ৰৱা, 29 জুনঃ জ্যেষ্ঠ অভিনেতা নিপন গোস্বামীৰ স্বাস্থ্যক লৈ ছ'চিয়েল মিডিয়াত অপপ্ৰচাৰ চলাই ৰাইজৰ ৰোষত বটদ্ৰৱাৰ যুৱক ৷ নিপন গোস্বামীৰ মৃত্যু হোৱা বুলি বিতৰ্কত সোমাই পৰে বটদ্ৰৱাৰ কৰচুং সত্ৰৰ কুমুদ কৃষ্ণ বৰা নামৰ যুৱকজন ৷

কুমুদ কৃষ্ণ বৰা

ঘটনাৰ পিচতেই যুৱকজনৰ বিৰুদ্ধে অভিনেতাগৰাকীৰ পৰিয়ালে আদালতত গোচৰ তৰাৰ পিচতে ৰাজহুৱাভাৱে ক্ষমা বিচাৰে যুৱকজনে ৷ ফেচবুকযোগে মুকলিকৈ ক্ষমা বিচাৰি যুৱকজনে নিজৰ ভুল স্বীকাৰ কৰে ৷

উল্লেখ্য যে, গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হৈছিল অসমৰ জ্যেষ্ঠ তথা আগশাৰীৰ অভিনেতা নিপন গোস্বামী ৷ কিছুদিন আগত অভিনেতাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল যদিও বৰ্তমানে সম্পুৰ্ণ সুস্থ অৱস্থাত আছে বুলি সদৰী কৰিছে পৰিয়ালৰ সদস্যই ৷

Last Updated : Jun 29, 2019, 1:30 PM IST

ABOUT THE AUTHOR

...view details