কলিয়াবৰ, 26 জুলাই : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাচতে ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী ৷ অসম আৰক্ষীৰ শেহতীয়া অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ, গাঞ্জা আদি নিচাজাতীয় সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাই পোহৰলৈ আনিছিল ৰাজ্যত চলি থকা ড্ৰাগছৰ গোপন বেহাৰ ছবিখন ৷ ইয়াৰ পাচৰে পৰা ড্ৰাগছ বিৰোধী অভিযান অধিক ক্ষীপ্ৰ কৰি তুলিছে অসম আৰক্ষীয়ে ৷ ইয়াৰ মাজতে সোমবাৰে লকডাউনৰ বাবে সুৰাৰ অভাৱত ভোগা সুৰাপ্ৰেমীক সুৰা যোগান ধৰিবলৈ গৈ কলিয়াবৰত আৰক্ষীৰ জালত পৰিল ভুৱা সাংবাদিক ৷
প্ৰাপ্ত খবৰ অনুসৰি, কলিয়াবৰৰ চুলুং টহলদাৰী আৰক্ষী চকীৰ নিয়মীয়া তালাচীত সুৰাসহ এখন বাহন জব্দ কৰা হয় ৷ আৰক্ষীৰ তালাচীত মহিলাসহ তিনিগৰাকী ব্যক্তিক আটক কৰি আৰক্ষীয়ে ইতিমধ্যে সোধ-পোছ অব্যাহত ৰাখিছে ৷ আটকাধীন কেইগৰাকীৰ মাজৰ এগৰাকী ব্যক্তিয়ে তালাচীৰ সময়ত সাংবাদিকৰ ভুৱা পৰিচয় পত্ৰ দেখুৱাই আৰক্ষীৰ জালৰ পৰা হাৰিবলৈ চেষ্টা কৰিছিল ৷ কিন্তু আৰক্ষীৰ তদন্তত তেওঁ প্ৰদৰ্শন কৰা পৰিচয় পত্ৰ ভুৱা বুলি প্ৰমাণ হয় ৷