নগাঁও,২৬ ফ্ৰেব্ৰুৱাৰী:মধ্য অসমৰ নগাঁৱত অব্যাহত আছে নকল সোণৰ ৰমৰমীয়া বেহা (Fake gold smuggling in Nagaon) । এইবাৰ নকল সোণৰ ব্যৱসায়ত নামিছে নগাঁৱৰে এহাল পিতা-পুত্ৰ । নগাঁও জিলাৰ কাতিমাৰিৰ দুই পিতা-পুত্ৰই মিলি নগাঁৱৰ লগতে মধ্য অসমৰ বিভিন্ন প্ৰান্তত নকল সোণৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল । কাতিমাৰিৰ দুই পিতা-পুত্ৰই নকল সোণৰ ব্যৱসায় চলাই অহাৰ তথ্য লাভ কৰিছিল নগাঁও আৰক্ষীয়েও (Fake gold smugller arrested in Nagaon)।
অৱশেষত নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাই এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষী আৰু কাতিমাৰিস্থিত চি আৰ পি এফৰ ৩৪ নং বেটেলিয়নৰ সহযোগত নকল সোণ ব্যৱসায়ৰ বিৰুদ্ধে নামি পৰে অভিযানত । শুকুৰবাৰে নিশাই নগাঁৱৰ কাতিমাৰিত নগাঁও আৰক্ষী আৰু কাতিমাৰিস্থিত চি আৰ পি এফে যুটীয়াভাৱে অভিযান চলাই নকল সোণ ব্যৱসায়ীৰ বিৰুদ্ধে (Fake gold recovered) । শুকুৰবাৰে নিশা নগাঁও চহৰৰ সমীপৰ কাতিমাৰীত চলোৱা অভিযানত যীশুৰ এটা নকল সোণৰ মূৰ্তি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী চি আৰ পি এফৰ দলটোৱে ।