নগাঁও, 28 আগষ্টঃ ৰূপহীহাটত বৃহস্পতিবাৰে ৩০ লাখ টকাৰ জালনোট জব্দ আৰক্ষীয়ে ৷ মেঘালয়ৰ পৰা ML06A-1002 নম্বৰৰ আৰটিকা বাহনেৰে আহিছিল যুৱক চাৰিজন । ধৃত জালনোটসহ আটক কৰা হয় চাৰি জাল নোট সৰবৰাহকাৰী ক্ৰমে শ্বাইনিং মাথুং, গডেন চিংটং, কাৰ্মিং ইউফানো আৰু খেন বৰলেন ৷ মেঘালয়ৰ ৱেষ্ট খাচি শিল জিলাৰ নংটং আৰক্ষীৰ আন্তৰ্গত উপৰ নিউ ননষ্টিং গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে আটকাধীন যুৱক কেইজন ।
আৰক্ষীৰ জালত চাৰি জাল নোট সৰবৰাহকাৰী - মেঘালয়ৰ ৱেষ্ট খাচি শিল
মেঘালয়ৰ ৱেষ্ট খাচি শিল জিলাৰ নংটং আৰক্ষীৰ অন্তৰ্গত উপৰ নিউ ননষ্টিং গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে আটকাধীন যুৱক কেইজন ৷
![আৰক্ষীৰ জালত চাৰি জাল নোট সৰবৰাহকাৰী fake currency recovered at rupohihat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8585734-686-8585734-1598585584326.jpg)
আৰক্ষীৰ জালত চাৰি জাল নোট সৰবৰাহকাৰী
আৰক্ষীৰ জালত চাৰি জাল নোট সৰবৰাহকাৰী
উল্লেখযোগ্য যে, যুৱক চাৰিজনে ৩০ লাখ টকাৰ নকল নোট সলনি কৰিবৰ বাবে ৰূপহীহাটৰ গুনাবাৰীত ৰৈ থকা অৱস্থাত ৰাইজে সোধা-পোচা কৰে আৰু সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ ইপিনে ৰাইজে যুৱক চাৰিজনক উত্তম-মাধ্যম দি ৰূপহীহাট আৰক্ষীক গতাই দিয়ে ।
লগতে পঢ়কঃলোকসভাত কংগ্ৰেছৰ উপ দলপতিৰ পদত অধিস্থিত হ‘ল সাংসদ গৌৰৱ গগৈ