অসম

assam

By

Published : Apr 5, 2021, 5:58 PM IST

ETV Bharat / state

জুৰীয়াত আটক ভুৱা বেংক প্ৰৱন্ধক

ৰূপহীহাটৰ জুৰীয়াত ভুৱা বেংক প্ৰৱন্ধক আটক ৷ অৰুণাচলত বিত্তীয় প্ৰতিষ্ঠান খুলি চলাইছিল ৰমৰমীয়া ব্যৱসায় ৷ অৱশেষত দেওবাৰে নিশা আৰক্ষীয়ে চলোৱা অভিযানৰ পাচত আৰক্ষীৰ জালত ভুৱা বেংক প্ৰৱন্ধকজন ।

জুৰীয়াত আটক ভুৱা বেংক প্ৰৱন্ধক
জুৰীয়াত আটক ভুৱা বেংক প্ৰৱন্ধক

ৰূপহীহাট, ৫ এপ্ৰিল: এশ গৰু মাৰিলে বাঘৰো মৰণ বুলি কোৱা কথাষাৰ পুণৰ এবাৰ যেন সঁচা প্ৰমাণিত হ'ল । দীৰ্ঘদিন ধৰি গ্ৰাহকৰ মূৰত ৰাম টাঙোন সোধাই, চৰম প্ৰৱঞ্চনা কৰি অহা ভুৱা বেংক প্ৰৱন্ধক জহিৰুল ইছলাম অৱশেষত পৰিল আৰক্ষীৰ জালত ।

জহিৰুল ইছলাম নামৰ এই ভুৱা বেংক প্ৰৱন্ধকজনে অৰুণাচল প্ৰদেশত গৈ কেইবাটাও ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি চলাইছিল ৰমৰমীয়া ব্যৱসায় ৷ এইদৰে ব্যৱসায় চলাই থকাৰ মাজতে হঠাৎ অৰুণাচলৰ পৰা অৰ্ন্তধান হয় প্ৰৱঞ্চক জহিৰুল ইছলাম ৷

জানিব পৰা মতে, গ্ৰাহকৰ পৰা বহু কোটি টকা আত্মসাৎ কৰি পলাই আহি নগাঁও জিলাৰ ৰূপহীহাটৰ জুৰীয়াত আত্মগোপন কৰি আছিল প্ৰৱঞ্চক জহিৰুল ইছলামে । যদিও আত্মগোপন কৰি আছিল তাৰ পাচতো বিলাসীতাপূৰ্ণ জীৱন যাপন কৰি আছিল জহিৰুলে । এই ভণ্ড প্ৰৱঞ্চক জহিৰুলৰ বিৰুদ্ধে অৰুণাচল নাহৰলগন আৰক্ষী থানাত ৰুজু আছিল কেইবাটাও গোচৰ ।

গোচৰ নং ৪১/২০২১ ৰ ওপৰত ভিত্তি কৰি দেওবাৰে নিশা জুৰীয়া আৰক্ষীৰ সহযোগত অৰুণাচল আৰক্ষীয়ে জুৰীয়াত এক অভিযান চলায় । আৰু অৱশেষত জুৰীয়াৰ আধাখুন্দা গাঁৱৰ পৰা জহিৰুলক আটক কৰাৰ লগতে এখন বিলাসী চাৰি চকীয়া বাহনো জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । বৰ্তমানে অৰুণাচল আৰক্ষীৰ জিম্মাত ধৃত জহিৰুল ইছলাম ।

লগতে পঢ়ক: মৰিয়নীত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ

ABOUT THE AUTHOR

...view details