কলিয়াবৰ, 18 ফেব্ৰুৱাৰী :কলিয়াবৰৰ এটাজলসিঞ্চন প্ৰকল্প ৷ ২০১৫ চনতেই নিৰ্মিত হৈছিল এই প্ৰকল্পটো ৷ সেই মতে স্থানীয় ৰাইজে পাইছিল পানীৰ সুবিধাও ৷ কিন্তু প্ৰকল্পটো কাৰ্যক্ষম হোৱাৰ মাত্ৰ 3 মাহৰ ভিতৰতে বিকল হৈ পৰি ৰ’ল প্ৰকল্পটো (Failed irrigation project in Kaliabor) ৷
কিয়নো 2017 চনৰ বানত এই জলসিঞ্চন কেন্দ্ৰটো সম্পূৰ্ণৰূপে ডুব যায় ৷ ইয়াৰ পাছৰ পৰাই বিকল হ’ল কেন্দ্ৰটোৰ যন্ত্ৰসমূহ ৷ 2015 গ’ল, এনেদৰেই দুটা বছৰ অতিক্ৰম কৰি আহিল 2017 চনৰ বান ৷ মেৰামতি বিহীন প্ৰকল্পটো এইবাৰ বানত সম্পূৰ্ণ ৰূপে হৈ পৰিল বিকল ৷
ইফালে আজিকোপতি আঁচনিখনৰ পৰা কৃষিভূমিলৈ পানী বোৱাই নিবলৈ নিৰ্মাণ কৰা কংক্ৰিটৰ নলাসমূহৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ ক্ষতিপূৰণো নাপালে ৰাইজে । আসোঁৱাহপূৰ্ণ নলা এতিয়া ভৰি পৰিছে আৱৰ্জনাৰে, হাবি- বননিৰে । নলাৰ পৰা নিৰ্গত পুতিগন্ধময় পৰিৱেশত বাৰুকৈয়ে ক্ষোভিত ৰাইজ, তীব্ৰ বিষোদগাৰ ।
জলসিঞ্চনৰ বিকল প্ৰকল্প: হাহাকাৰ কলিয়াবৰৰ কৃষকৰ আনহাতে, এই কেন্দ্ৰটোত কৰ্মৰত এগৰাকী কৰ্মীৰ ভাষ্য , ‘‘এই কেন্দ্ৰটোৰ জৰিয়তে তিনিমাহ সক্ৰিয়ভাৱে জলসিঞ্চনৰ পানী চতিয়ালৰ খেতি-পথাৰলৈ বোৱাই নিয়া হৈছিল যদিও নলাটোৰ কিছু বিসংগতিৰ বাবে ইয়াক বন্ধ ৰখা হৈছিল । বিভিন্ন সময়ত চৰকাৰী বিষয়া ৰদ-বদলিৰ বাবে 1017 চনৰ বানৰ পাচত বিগত 5 বছৰে বন্ধ হৈ পৰি ৰৈছে এই প্ৰকল্পটো ৷ অৱশ্যে এতিয়া নলাটো সঠিকভাৱে নিৰ্মাণ কৰিবলৈ বিভাগে যাবতীয় কাম-কাজ আৰম্ভ কৰা হৈছে’’ ।
এতিয়া প্ৰশ্ন হয়, এই কেন্দ্ৰটো মেৰামতি কৰিবলৈ কিমান সময় লাগিব বিভাগীয় কৰ্তৃপক্ষক ? 2015 ৰ পৰা বৰ্তমান পালেহি 2022 ৷ প্ৰায় 8 বছৰ কাল এই জলসিঞ্চন প্ৰকল্পটো মেৰামতি কৰিবলৈ যথেষ্ট সময় নহয় জানো এটা বিভাগৰ বাবে !
ৰাইজৰো দাবী, যদিহে বিভাগীয় কৰ্তৃপক্ষই মেৰামতি কৰিব বিচাৰে তেন্তে এই প্ৰকল্পটো শীঘ্ৰে মেৰামতি কৰক ৷ বিগত ২০১৭ চনৰ আগষ্ট মাহৰ কলঙৰ বানে প্ৰকল্পটোৰ যন্ত্ৰ-পাতি সমূলাংশে নষ্ট কৰাৰ পাছত এতিয়া পাঁচবছৰৰ মূৰত মেৰামতিৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে ৷ স্থানীয় কৃষক ৰাইজৰ দাবী, যদিহে মেৰামতিৰ ব্যৱস্থা কৰে, তেন্তে এইবাৰ ইয়াক নিৰ্মাণ কৰক বিজ্ঞানসন্মতভাৱে (Demanding Scientific Construction of Cannel of Chatial Village) ।
লগতে পঢ়ক :Corruption in a irrigation project : ১১ বছৰে অসম্পূৰ্ণ কোটি টকীয়া জলসিঞ্চন প্ৰকল্প