অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক লাভ কৰোতালৈ সম্বৰ্দ্ধনা - আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতা

দুয়োগৰাকী আৰক্ষী বিষয়াক সাক্ষাৎ কৰি সম্বৰ্ধনা জনালে গোৰ্খা ছাত্ৰ সন্থাৰ কৰ্ম-কৰ্তাসকলে । উল্লেখযোগ্য যে, দুয়োগৰাকী আৰক্ষী বিষয়াই নিজৰ কৰ্মদক্ষতাৰে মদ-ভাং, অবৈধ জুৱা, ড্ৰাগছ আদিৰ বিৰুদ্ধে অভিযান চলাই লাভ কৰিছিল বিশেষ সফলতা। লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড় সুৰক্ষাৰ দিশতো এক গুৰুত্বপূৰ্ণ বিশেষ ভূমিকা পালন কৰি আহিছে দুয়োগৰাকী আৰক্ষী বিষয়াই।

Kaliabor
Kaliabor

By

Published : Aug 19, 2020, 3:38 PM IST

কলিয়াবৰ, 19 আগষ্টঃ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাস আৰু জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাক সম্বৰ্দ্ধনা জ্ঞাপন কৰে নগাঁও জিলা গোৰ্খা ছাত্ৰ সন্থাই ৷ উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক লাভ কৰিবলৈ সক্ষম হোৱা কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাস আৰু জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাক সম্বৰ্ধনা জনোৱা হয় ৷

লগতে পঢ়কঃডিগবৈৰ 38 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মৃতদেহ উদ্ধাৰ

সোমবাৰে দুয়োগৰাকী আৰক্ষী বিষয়াক সাক্ষাৎ কৰি সম্বৰ্ধনা জনালে গোৰ্খা ছাত্ৰ সন্থাৰ কৰ্ম-কৰ্তাসকলে । উল্লেখযোগ্য যে, দুয়োগৰাকী আৰক্ষী বিষয়াই নিজৰ কৰ্মদক্ষতাৰে মদ-ভাং, অবৈধ জুৱা, ড্ৰাগছ আদিৰ বিৰুদ্ধে অভিযান চলাই লাভ কৰিছিল বিশেষ সফলতা। লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড় সুৰক্ষাৰ দিশতো এক গুৰুত্বপূৰ্ণ বিশেষ ভূমিকা পালন কৰি আহিছে দুয়োগৰাকী আৰক্ষী বিষয়াই।

উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক লাভ কৰোতালৈ সম্বৰ্দ্ধনা
তেওঁলোকৰ এই সফলতাই সমগ্ৰ কলিয়াবৰবাসী ৰাইজক উৎফুল্লিত কৰে ৷ লগতে এই সফলতাই অনাগত দিনত অধিক কৰ্মস্পৃহা আৰু উদ্যমেৰে কাম কৰি যাবলৈ উদগণি যোগাব বুলি মত প্ৰকাশ কৰে ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে । এই সজাঁতি দলটিত নগাঁও জিলা গোৰ্খা ছাত্ৰ সন্থাৰ উপদেষ্টা খড়ানন্দ পোখৰেল, লেখনাথ শৰ্মাৰ, সভাপতি ৰাজদীপ খতিৱড়া, সম্পাদিকা ৰাধা ঢকালৰ লগতে বহু কেইগৰাকী জিলা আৰু আঞ্চলিক শাখাৰ প্ৰতিনিধি উপস্থিত থাকে।

ABOUT THE AUTHOR

...view details