অসম

assam

ETV Bharat / state

ফেচবুকে পৰিয়ালৰ সন্ধান দিলে বাংলাদেশৰ মমতাজক - Family Reunite News in Assam

বাংলাদেশৰ মমতাজ আখতাৰ নামৰ মহিলাগৰাকীয়ে ফেচবুকৰ জৰিয়তে নিজৰ পৰিয়ালৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছে ৷ অসমৰ নগাঁও জিলাৰ ৰাঙলুত থকা পৰিয়ালৰ সৈতে মিলন হয় বাংলাদেশৰ সুনমগঞ্জৰ চেম্বাৰ্চ অৱ কমাৰ্চৰ তথ্য-প্ৰযুক্তি বিভাগৰ বিষয়া মমতাজ আখতাৰৰ ৷

ফেচবুকে পৰিয়ালৰ সন্ধান দিলে বাংলাদেশৰ মমতাজক

By

Published : Aug 13, 2019, 11:36 PM IST

নগাঁৱ,13 আগষ্টঃ পবিত্ৰ ঈদৰ দিনটোতে ককা-নাতিনীৰ মিলনৰ কাহিনী পোহৰলৈ আহিছে ৷ নগাঁৱত আত্মীয়ৰ সন্ধান বিছাৰি ওলালহি বাংলাদেশৰ মমতাজ আখতাৰ নামৰ মহিলাগৰাকী ৷ ফেচবুকৰ জৰিয়তে নিজৰ পৰিয়াল তথা আত্মীয়ৰ সন্ধান বিচাৰি উলিয়াবলৈ সক্ষম হয় মহিলাগৰাকীয়ে ৷

ফেচবুকে পৰিয়ালৰ সন্ধান দিলে বাংলাদেশৰ মমতাজক

1960 চনত কামপুৰৰ টকৌডুবিত বসবাস কৰা এটা পৰিয়ালে ঘৰ-মাটি বিক্ৰী কৰি গুচি গৈছিল বাংলাদেশৰ সুনমগঞ্জলৈ ৷ পৰৱৰ্তী সময়ত বাংলাদেশ গঠন হোৱাত সুনমগঞ্জতে নিগাজীকৈ থাকিবলৈ লয় পৰিয়ালটো ৷ কিন্তু পৰিয়ালটোৰ মুল শিপা অসমতে থাকি যায় ৷ পৰৱৰ্তী সময়ত বাংলাদেশত বসবাস কৰা পৰিয়ালটোৰ সদস্য মমতাজ আখতাৰে ফেচবুকৰ জৰিয়তে নিজৰ পৰিয়ালৰ সদস্যসকলৰ সন্ধানত নামি পৰে ৷ বাংলাদেশত জন্মগ্ৰহণ কৰা মহিলাগৰাকীয়ে নিজৰ ককাদেউতাকৰ মুখত শুনিছিল এটা নাম "ৰাঙলু" ৷ "ৰাঙলু" নামৰ সহায়তে মহিলাগৰাকীয়ে ফেচবুকত সন্ধান কৰিবলৈ লয় নিজৰ পৰিয়ালৰ বাকী সদস্যৰ ৷

নগাঁও জিলাৰ এলফিনষ্টন চাৰিআলিৰ মহম্মদ ছবিৰ খান নামৰ এগৰাকী ফটোগ্ৰাফাৰে ফেচবুকত "ৰাঙলু"ৰ নামেৰে এটা প'ষ্ট কৰে ৷ এই প'ষ্টৰ সহায়তে মমতাজে নিজৰ পৰিয়ালৰ সন্ধান বিচাৰি উলিয়াবলৈ সক্ষম হয় ৷ অৱশেষত ফেচবুক বন্ধু মহম্মদ ছবিৰ খানৰ সহযোগত পবিত্ৰ ঈদৰ দিনটোতে ৰাঙলুস্থিত নিজৰ পেহীয়েকৰ বাসগৃহত উপস্থিত হয় ৷ সুনমগঞ্জৰ চেম্বাৰ্চ অৱ কমাৰ্চৰ তথ্য-প্ৰযুক্তি বিভাগৰ বিষয়া মমতাজ আখতাৰে নিজৰ স্বামীৰ সৈতে আহি উপস্থিত হয় নিজৰ পেহীয়েকৰ গৃহত ৷ পৰৱৰ্তী সময়ত মমতাজে পিতৃ গৃহ কামপুৰৰ টকৌডুবিত উপস্থিত হৈ পিতৃয়ে বসবাস কৰা ঠাইখনো পৰিদৰ্শন কৰে ৷ নিজৰ পৰিয়ালৰ শিপা বিচাৰি পাই মহিলাগৰাকীয়ে নিজকে ধন্য বুলি মন্তব্য কৰাৰ লগতে পৰিয়ালৰ সৈতে মিলন হোৱাত সহায় কৰি দিয়া ফটোগ্ৰাফাৰ বন্ধু মহম্মদ ছবিৰ খানক বজৰংগী ভাইজানৰ লগত তুলনা কৰে বাংলাদেশৰ মহিলাগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details