অসম

assam

ETV Bharat / state

Expired medicine in Dhing govt hospital : চৰকাৰী চিকিৎসালয়ত ৰোগীক দিলে ম্যাদ উকলা চেলাইন

ধিং এফ আৰ ইউ হাস্পতালত নাভূত-নাশ্ৰত কাণ্ড । হাস্পতালত এডমিট হোৱা ৰোগীক দিলে ম্যাদ উকলি যোৱা চেলাইন । চিকিৎসক-নাৰ্চৰ কৰ্ম কাণ্ডই চকু কপালত তুলিছে সকলোৰে ।

government hospital at dhing
ৰোগীক দিলে ম্যাদ উকলি যোৱা চেলাইন

By

Published : Jun 12, 2023, 2:02 PM IST

ৰোগীক দিলে ম্যাদ উকলি যোৱা চেলাইন

নগাঁও, 12 জুন :সাধাৰণ ৰোগীৰ বাবে বিপজ্জনক হৈ পৰিছে নেকি একাংশ চৰকাৰী চিকিৎসালয় ? চৰকাৰী চিকিৎসালয়তে এগৰাকী ৰোগীক ম্যাদ উকলা চেলাইন দিয়াৰ ঘটনা পোহৰলৈ অহাৰ পিচতেই একাংশৰ মনত উত্থাপন হৈছে এনে প্ৰশ্নৰ । এনে এক নাভূত নাশ্ৰুত ঘটনা সংঘটিত হৈছে নগাঁৱৰ ধিঙত ।

নগাঁৱৰ ধিং এফ আৰ ইউ হাস্পতালত এগৰাকী ৰোগীক ম্যাদ উকলা চেলাইন দিয়াক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ধিঙৰ শলগুৰিৰ জাহান্নাৰা বেগম নামৰ এগৰাকী মহিলা শনিবাৰে নিশা পেটৰ বিষত ভুগি ভৰ্তি হৈছিল ধিং এফ আৰ ইউত । ভৰ্তিৰ পিচত আৰম্ভ হল ধিং এফ আৰ ইউৰ চিকিৎসকৰ চিকিৎসা সেৱা । বেজি, চেলাইন যত যি লাগে তাৰে কিছুমান দিয়া হল হাস্পতালৰ পৰা আৰু কিছু মেডিচিন আনিব লগা হ’ল কিনি । সেইখিনিলৈকে সকলো ঠিকেই আছিল । কিন্তু হাস্পতালৰ ফালৰ পৰা দিয়া ম্যাদ উকলা চৰকাৰী চেলাইন মহিলা গৰাকীৰ শৰীৰত দি থকাৰ সময়তে চকু পৰিল ৰোগীৰ অভিভাৱকৰ ।

ম্যাদ উকলি দুটা মাহ পাৰ হৈ যোৱা চেলাইন ৰোগীক দিয়াৰ বাবে ব্যৱহাৰ কৰাৰ পাচতেই ৰোগীৰ অৱস্থা আগতকৈ আৰু অধিক বেয়ালৈ যায় । তাৰ পাচতেই ৰোগীৰ পৰিয়ালৰ মাজত লাগিল হুৱা-দুৱা ৷ কথাটো স্থানীয় সাংবাদিকক অৱগত কৰাত হাস্পতালত গৈ উপস্থিত হ’ল সাংবাদিকৰ দল আৰু ON কেমাৰ বন্দী হল ধিং এফ আৰ ইউৰ এই নাভূত-নাশ্ৰত কাণ্ড । তাৰ মাজতেই আকৌ নাৰ্চৰ আজৱ মন্তব্য, এটা ম্যাদ উকলি যোৱা চেলাইন কেনেবাকৈ থাকি গ’ল, অলপমান হে শৰীৰৰ ভিতৰলৈ গৈছে, পাছত আমি খুলি আঁতৰাই আনিছো । ধিং এফ আৰ ইউৰ বাবে এয়া কোনো নতুন কথা নহয় । আগেও বহুবাৰ বহু ডাঙৰ ডাঙৰ ঘটনা ঘটি গৈছে এইখন চিকিৎসালয়ত ৷

এতিয়া প্ৰশ্ন হয়, চৰকাৰে লাখ লাখ টকা দৰমহা দি চিকিৎসা সেৱাত নিয়োজিত কৰা এইসকল চিকিৎসা কৰ্মীৰ দায়িত্ব আৰু কৰ্তব্য এয়াই নেকি ? চৰকাৰে ল’ব পাৰিব নে ইয়াৰ বিৰুদ্ধে কিবা ব্যৱস্থা ?

লগতে পঢ়ক :Electricity tariff hike: বিদ্যুৎ মাচুলৰ প্ৰসংগত এ পি ডি ছি এলৰ সৈতে তৰ্কযুদ্ধ গৰিমা শইকীয়া গাৰ্গৰ

ABOUT THE AUTHOR

...view details