নগাঁও,২৬ আগষ্ট:শনিবাৰে এখন বিশেষ দোকানে দৃষ্টি আকৰ্ষণ কৰিলে নগাঁওবাসীৰ । নগাঁও চহৰৰ মাজমজিয়াতে দিয়া দোকানখন আন একো নহয়, দোকানখন হৈছে চাকৰিৰ দোকান । বেনাৰত স্পষ্টকৈ লিখা আছে টকা দিয়ক, চাকৰি লওঁক । শুনি নিশ্চয় আচৰিত হৈছে । এখন চহৰৰ মাজমজিয়াত এনেদৰে মুকলিকৈ চাকৰিৰ দোকান আকৌ সম্ভৱ কেনেকৈ ?
আচলতে প্ৰতীকী ৰূপত চাকৰিৰ দোকানেৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ দৃশ্য হে এয়া । শাসনাধিস্থিত বিজেপি চৰকাৰৰ বিৰুদ্ধে নিযুক্তি কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি এইদৰে প্ৰতীকী ৰূপত চাকৰিৰ দোকান দি প্ৰতিবাদ সাব্যস্ত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ কেইজনমান সচেতন লোকে ।
বিগত কিছুদিন ধৰি চাকৰিৰ নামত ধনৰ ব্যাপক লেনদেনৰ অভিযোগে সৰ্বত্ৰে লাভ কৰিছে ব্যাপক চৰ্চা । ইতিমধ্যেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দ্বিবন ডেকাসহ কেইবাজনো লোকক । বিজেপিৰ বহু নেতাৰে ঘনিষ্ঠ সম্পৰ্ক থকা দিবন ডেকাৰ প্ৰসংগই হওক অথবা আন কেবাটাও প্ৰসংগৰ সৈতে সাঙোৰ খাইছে চাকৰিৰ নামত লেনদেনৰ অভিযোগ ।