চামগুৰি, 6 আগষ্ট : অলিম্পিকত পদক অৰ্জন কৰি সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনা গোলাঘাট জিলাৰ বৰপথাৰৰ জীয়াৰী লাভলীনা বৰগোহাঁইক এতিয়া প্ৰশংসা আৰু শুভেচ্ছাৰে উপচাইছে প্ৰতিগৰাকী অসমবাসীয়ে ৷ ইয়াৰ মাজতে পুৰণিগুদামৰ মৃৎ শিল্পী পাৰ্থপ্ৰতিম বৰুৱাই ব্যতিক্ৰমী প্ৰক্ৰিয়াৰে লাভলীনাক জনালে জয়ৰ শুভেচ্ছা ৷
আকাশ মাৰ্গত প্ৰতীকি মূৰ্তি সাজি লাভলীনাক শুভেচ্ছা পাৰ্থ প্ৰতিম বৰুৱাৰ লগতে পঢ়ক :গাভৰু নৈৰ বলুকা ৰাশিত জিলিকিছে লাভলীনা বৰগোঁহাই
লাভলীনা বৰগোহাঁইৰ সাফল্যত উৎফুল্লিত হৈ খেলুৱৈ গৰাকীক শুভেচ্ছা জনাবৰ বাবে শিল্পী গৰাকীয়ে অসমৰ কেঁচা মাটিৰেই আকাশমাৰ্গতে নিৰ্মাণ কৰিলে এক বিশেষ প্ৰতীকি মূৰ্তি ।
অসম তথা দেশৰ সন্মান ৰক্ষা কৰি ট'কিঅ অলিম্পিকত পদক আঁজুৰি আনিবলৈ সক্ষম হোৱা বাবে অসম জীয়ৰী লাভলীনা বৰগোহাঁইলৈ আকাশমাৰ্গতে এই বিশেষ প্ৰতীকি মূৰ্তিটো নিৰ্মাণ কৰিছে মৃৎ শিল্পী পাৰ্থ প্ৰতিম বৰুৱাই ৷ য'ত খোদিত কৰা হৈছে অসমৰ বিহুৱানৰ লগতে দেশৰ ৰাষ্ট্ৰীয় পতকা ৷
বিশেষ বিমান যোগে গুৱাহাটীৰ পৰা দিল্লীলৈ ৰাওনা হোৱা সময়ত পাৰ্থপ্ৰতিম বৰুৱাই নিৰ্মাণ কৰে এই প্ৰতীকি মূ্ৰ্তি । ট'কিঅ অলিম্পিকৰ পৰা ঘূৰি অহাৰ পৰত নতুন দিল্লীত লাভলীনা বৰগোহাঁইক সাক্ষাৎ কৰি এই প্ৰতীকি মূৰ্তি প্ৰদান কৰিব শিল্পী গৰাকীয়ে ।
লগতে পঢ়ক :সোণৰ হৃদয় : প্ৰশিক্ষণৰ সময়ত যাতায়াতত সহায় কৰা ট্ৰাক চালকক কৃতজ্ঞতা মীৰাবাঈ চানুৰ