কলিয়াবৰ, 27 এপ্ৰিল: জাতি-বৰ্ণ-ভাষাই ভাগ-ভাগ কৰে মানৱ সমাজক ৷ বহু সময়ত জীৱশ্ৰেষ্ঠই ছিঙি পেলায় সম্প্ৰীতিৰ জৰী, বৰ্ণ বিভেদত হেৰাই যায় ‘মানুহে মানুহৰ বাবে’ বাণী ৷ অন্য জীৱ-জন্তুৰ মাজত নাই সেই খাম-খেয়ালি ৷ জন্তুৰ মাজত বিপদৰ বন্ধু হৈ ধৰা দিয়ে অন্য প্ৰজাতিও ৷ কলিয়াবৰৰ এটা বান্দৰ আৰু এজনী ছাগলীয়ে জীৱশ্ৰেষ্ঠক দিছে শিকনি (Mother child relationship between goat and monkey)৷
দৃশ্যটো দেখিলে স্বাভাৱিকতেই চকু থৰ হৈ ৰ’ব ৷ অন্য জীৱৰো যে এখন নিৰ্ভেজাল হৃদয় থাকিব পাৰে সেই কথা প্ৰমাণ কৰিলে এই বান্দৰ আৰু ছাগলী দুটাই (Rare video of animal) ৷ সাধাৰণতে যিকোনো জীৱৰে সন্তান আৰু মাতৃৰ মাজত দেখা যায় এনে আত্মীয়তা ৷ দুই বেলেগ প্ৰজাতিৰ জীৱৰ মাজত দুৰ্লভ এই দৃশ্য এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ এটা বান্দৰক যিকোনো সময়তে পিঠিত লৈ ঘূৰি ফুৰিছে এজনী ছাগলীয়ে ৷ দুয়োৰে মাজত গঢ় লৈ উঠিছে মাতৃ-সন্তানৰ সম্পৰ্ক ৷
এজনী ছাগলী আৰু এটা বান্দৰৰ পোৱালীৱে শিকনি দিছে জীৱশ্ৰেষ্ঠক ছাগলীজনীৰ গৰাকীৰ পৰা জানিবপৰা অনুসৰি, কলিয়াবৰৰ বৰুৱাচুক গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথত প্ৰায় এমাহমান আগেয়ে এটা বান্দৰ পোৱালীৰ মাতৃ দুৰ্ঘটনাত নিহত হৈছিল । মাতৃহাৰা বান্দৰ পোৱালীটো তেতিয়াৰে পৰা পথৰ সমীপৰে এঘৰত আশ্ৰয় লয় । সেই ঘৰখনৰে এজনী ছাগলীয়ে মাতৃহাৰা বান্দৰ পোৱালীৰ যেন দ্বায়িত্ব গ্ৰহণ কৰিলে ৷ মাতৃস্নেহেৰে আৱৰি ৰাখিবলৈ ল’লে বান্দৰৰ পোৱালীটোক । পুৱা গৃহস্থই দিয়া কিবা এটা খাই ছাগলীজনীৰ পিঠিতেই উঠি দিনটো ঘূৰি ফুৰে বান্দৰৰ পোৱালীটো (Interesting monkey video) । নিশাও কটায় ছাগলীৰ গড়ালতে ।
আচৰিত ধৰণে নিজৰ সন্তানৰ দৰেই ছাগলীজনীয়ে দুগ্ধপান কৰায় জন্মদাত্ৰীৰ মৰমৰ পৰা বঞ্চিত বান্দৰৰ পোৱালীটোক । ছাগলীজনীয়ে যেন জানে, বুজে মাতৃক হেৰুৱাৰ বেদনা ৷ যাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছে বান্দৰৰ পোৱালীটোক মাতৃস্নেহেৰে আৱৰি ৰাখিবলৈ ৷
লগতে পঢ়ক:এটা কুকুৰা আৰু এটি কণমানিৰ মাজত আচৰিত যেন লগা বন্ধুত্ব