কলিয়াবৰ,২১ আগষ্ট:প্ৰধান মন্ত্ৰীৰ 'স্বাধীনতাৰ ৭৫ বছৰত দেশৰ সকলোৰে হ'ব নিজৰ এটা ঘৰ।' এই ঘোষণা যেন পৰিণত হ'ল চুড়ান্ত প্ৰসহনলৈ । কিয়নো প্ৰকৃত হিতাধীকাৰী হোৱা স্বত্বেও এটি চৰকাৰী গৃহৰ বাবে হামৰাও কাঢ়িছে এজন বৃদ্ধই(Actual beneficiary does not get PMAY scheme house) । কলিয়াবৰৰ পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগৰ গ্ৰামোন্নয়নৰ নমুনা দেখিলে আশ্চৰ্য্যচকিত হ'ব আপুনিও(Negligence of Panchayat Rural Development Department of Kaliabor) ।
কলিয়াবৰৰ কুঠৰীৰ গোঁহাই গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ কাহিনীয়ে কৈ যায় গ্ৰামোন্নয়নৰ প্ৰকৃত স্বৰূপ । বেৰৰ জলঙাৰে বাহিৰ দেখা আৰু টিনৰ চালিৰ ফুটাৰে তৰা গণিব পৰা এটা ঘৰত দৰিদ্ৰ পৰিয়ালটিয়ে পাৰ কৰিছে দিন ৰাতি । ৰমেশ মূঢ়া নামৰ বৃদ্ধ গৰাকীৰ ভাগ্যত নহ'ল এটা চৰকাৰী অনুদানৰ ঘৰ । উৱলি যোৱা এটি জুপুৰি সদৃশ গৃহতে জীৱন নিৰ্বাহ কৰি আহিছে পাঁচজনীয়া পৰিয়ালটিয়ে ।