কলিয়াবৰ, 23 মাৰ্চ: ইন্ধনজাত সামগ্ৰীৰ লগতে ৰন্ধন গেছৰ মূল্যবৃদ্ধি সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিজেপি নেত্ৰী আঙুৰলতা ডেকাই । কলিয়াবৰৰ মিছা মিলন সংঘৰ প্ৰেক্ষাগৃহত বুধবাৰে অনুষ্ঠিত বিজেপি মহিলা কোষৰ জিলা পৰ্যায়ৰ এখন কাৰ্যনিৰ্বাহ সভাৰ অন্তত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত নেত্ৰীগৰাকীয়ে বিশেষ মন্তব্য কৰে । শেহতীয়াকৈ বিদ্যুৎ মাচুল, ইন্ধনজাত সামগ্ৰীৰ লগতে ৰন্ধন গেছৰ মূল্যবৃদ্ধি পোৱাত সৰ্বসাধাৰণ জনতাই ত্ৰাহি মধুসূদন সোঁৱৰিব লগা হোৱাৰ সময়ত হিতাধিকাৰী সৃষ্টিৰ প্ৰসংগহে উল্লেখ কৰিলে আঙুৰলতা ডেকাই (Angoorlata Deka at Kaliabor)।
তেওঁ কয় যে, ‘‘মূল্যবৃদ্ধি সম্পৰ্কে মোৰ বিশেষ ক’বলগীয়া নাই কাৰণ মুখ্যমন্ত্ৰী মহোদয় আৰু বিজেপিৰ ৰাজ্যিক সভাপতিয়ে স্পষ্টীকৰণ দি আহিছে । মহিলা হিচাপে ক’ব বিচাৰো যে, ৰন্ধন গেছৰ মূল্যবৃদ্ধি হ’লে গৃহিণীৰূপে মোৰ অলপ দুখ লাগিব, কিন্তু ৰন্ধন গেছৰ বাবে চৰকাৰক বেয়া বুলিব নোৱাৰি । কিয়নো কমিবই দাম । সমস্যাবোৰ আহে, আকৌ কমে । এফালে মূল্যবৃদ্ধি হ'লেও চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে দেশ তথা ৰাজ্যৰ জনসাধাৰণ উপকৃতও হৈছে । অসমত অৰুণোদয়ৰ জৰিয়তে মহিলাসকল উপকৃত হৈছে ।”
আনহাতে, ভাৰতীয় জনতা পাৰ্টিয়ে বৰ্তমান সময়ত নাৰী সৱলীকৰণৰ ওপৰত অত্যাধিক গুৰুত্ব অৰোপ কৰিছে বুলিও মন্তব্য কৰে মহিলা নেত্ৰীগৰাকীয়ে । ভাৰতীয় গণতন্ত্ৰত দিনক দিনে বৃদ্ধি পাইছে মহিলাৰ অংশগ্ৰহণ, মহিলাৰ সক্ৰিয় অংশগ্ৰহণৰ লগে লগে নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ জয়ৰ ধাৰা বাঢ়িছে । তেওঁ কয় যে, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অনাগত বিধানসভা নিৰ্বাচনত ২৫ ৰ পৰা ৩০ গৰাকী মহিলা প্ৰতিনিধি যাতে বিজয়ী হৈ আহিব পাৰে, সেইলৈ এক দৃঢ় পদক্ষেপ লোৱাৰ ইংগিত দিছে ।