নগাঁৱ, 12 চেপ্তেম্বৰঃ 1942চনৰ শ্বহীদ ঠগী সূত, ভোগেশ্বৰী ফুকননী, বলো সূত আৰু লক্ষী হাজৰিকাৰ স্মৃতিত বঢ়মপুৰত আৰম্ভ ক্ৰীড়া প্ৰকল্পৰ নিৰ্মাণ কাৰ্য ৷ বৃহস্পতিবাৰে নিৰ্মাণকাৰ্যৰ কাম শুভাৰম্ভ কৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই ৷ শ্বহীদ ঠগী সূতৰ ভূমিত দহ কোটি টকা ব্যয়ৰে নিৰ্মাণৰ কাম আৰম্ভ হোৱা ক্ৰীড়া প্ৰকল্পটো বঢ়মপুৰৰ চাৰিওগৰাকী শ্বহীদৰ নামত অৰ্পিত হ'ব বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।
42ৰ শ্বহীদৰ নামত অৰ্পিত হ'ব ক্ৰীড়া প্ৰকল্পঃ প্ৰফুল্ল মহন্ত - ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক
নগাঁৱৰ বঢ়মপুৰত 42ৰ শ্বহীদ ঠগী সূতৰ ভূমিত ক্ৰীড়া প্ৰকল্পৰ কামৰ শুভাৰম্ভনি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ৷ ক্ৰীড়া প্ৰকল্পৰ কাম শুভাৰম্ভনি কৰি এনআৰচি আৰু কেবক লৈ কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
প্ৰকল্পটোৰ শুভাৰম্ভনি অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভতো মন্তব্য আগবঢ়ায় ৷ পূৰ্বৰ দৰেই কেবৰ বিৰোধী স্থিতিত অটল থকা বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বিধেয়কখনৰ জৰিয়তে পিচ দুৱাৰেদি বিজেপিয়ে বাংলাদেশৰ হিন্দু বঙালী লোকক অসমত সংস্থাপিত কৰিব বিছৰা বিষয়টোৱে অসমৰ ভাষাকে ধৰি কলা-সংস্কৃতিৰ লগতে জনগাঁথনিত বিৰূপ প্ৰভাৱ পেলাব ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰস্তুতকৰণৰ সময়ত জাতীয় সংগঠনবোৰ মৌন হৈ আছিল, এতিয়া চূড়ান্ত প্ৰকাশৰ পিচত চিঞৰি কোনো লাভ নাই ৷ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা সুবিধাৰ চৰকাৰে যথোপযুক্ত লাভ উঠাব নোৱাৰিলে যাৰ বাবে এতিয়া বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে ৷