নগাওঁ, ২৬ অক্টোবৰ:নগাঁৱৰ জুৰীয়া সুঁতিৰপাৰত বুধবাৰে পুৱাই প্ৰশাসনে চলালে উচ্ছেদ অভিযান (Eviction at Rupahihat) । আৰক্ষী,অৰ্ধ-সামৰিক বাহিনীৰ বৃহৎ দল লৈ বুলড'জাৰেৰে উচ্ছেদ কৰিলে কেইবাটাও পকী বাসগৃহ । ইপিনে,অবৈধভাৱে নিৰ্মাণ কৰা প্ৰতিটো ঘৰেই উচ্ছেদ কৰিব প্ৰশাসনে সঁকীয়াই দিছে ।
পুৱাই জিলাখনৰ ৰূপহীহাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ নেতৃত্বত এটা দলে সুঁতিৰপাৰ বজাৰত চলায় উচ্ছেদ অভিযান (Eviction at Nagaon Juria suttiar)। বেদখলকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ কঠোৰ হোৱাৰ সময়ত নগাঁও জিলা প্ৰশাসনো সৰৱ হৈছে অবৈধ দখলকাৰীৰ বিৰুদ্ধে ।
উল্লেখ্য় যে জিলাখনৰ জুৰীয়াৰ সুঁতিৰপাৰ বজাৰত একাংশ লোকে দোকানৰ নামত অনুজ্ঞাপত্ৰ লৈ পকী বাসগৃহ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল । সেই অভিযোগৰ ভিত্তিত এক অনুসন্ধানৰ অন্তত বুধবাৰে পুৱাই জিলা প্ৰশাসনে উচ্ছেদ কৰে অবৈধ বাসগৃহ । সুঁতিৰপাৰ বজাৰৰ মাজমজিয়াত নিৰ্মাণ কৰা পাঁচটাকৈ পকী বাসগৃহ উচ্ছেদ কৰে বুলড'জাৰৰে । সুঁতিৰপাৰ বজাৰৰ ১৩ বিঘা মাটিৰ ভিতৰত থকা অবৈধ পকী বাসগৃহত অভিযান চলায় প্ৰশাসনে ।