ৰূপহীহাট, 17 জুন : লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত মাছমৰীয়াৰ বিৰুদ্ধে বন বিভাগৰ অভিযান ৷ তিনিটা হাতীৰ সহায়ত বৃহৎ সংখ্যক বনকৰ্মীৰ দলে দন্দুৱাৰ পৰা ১৪ মাইল বন শিবিৰ পৰ্যন্ত এলেকাত অভিযান চলায় ৷ অভিযানত মাছমৰীয়াই আশ্ৰয় লৈ মাছ মৰা তিনিটা ঘৰ উচ্ছেদ কৰাৰ লগতে ২০ খনকৈ নাও আৰু জাল জব্দ কৰিবলৈ সক্ষম হয় ।
লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত বন বিভাগৰ উচ্ছেদ অভিযান - নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়া
লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত চোৰাং মাছমৰীয়াৰ বিৰুদ্ধে বন বিভাগৰ অভিযান ৷ বৃহৎ সংখ্যক বনৰক্ষীয়ে তিনিটা কৈ হাতীৰ সহায়ত চলালে অভিযান ৷

lawkhowa burhachapori forest
লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত বন বিভাগৰ উচ্ছেদ অভিযান
লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ সুৰক্ষাৰ দায়িত্বত থকা স্থানীয় একাংশ অৰ্থলোভী বন বিষয়া কৰ্মীৰ ৰহস্য জনক ভূমিকাৰ সুযোগ গ্ৰহণ কৰি লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ খাল- বিলত একাংশ লোকে অবৈধভাবে ঘৰ সাজি চোৰাং কৈ মাছ মাৰি ব্যৱসায় চলাই আছিল। প্ৰাকৃতিপ্ৰেমী সকলৰ অভিযোগৰ ভিত্তিত নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়া ৰণজিৎ ৰামৰ নিৰ্দেশ মৰ্মে বুধবাৰে পুৱাই বন বিভাগে অভিযান চলায় অভয়াৰণ্যখনত ৷
লগতে পঢ়ক : ঐতিহ্যমণ্ডিত নুমলী কুঁৱৰী গঁড়ত ONGC ৰ বুলডজাৰঃ দল-সংগঠনৰ প্ৰতিবাদ