নগাঁও, 18 জুলাই :নগাঁৱত প্ৰতিজন নাগৰিকৰে কৰা হ'ব কৰ'ণা পৰীক্ষা ৷ এই কথা জানিবলৈ দিয়ে নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক অতুল চন্দ্ৰ পাটৰে । নগাঁৱত গণ সংক্ৰমনৰ লক্ষণ দেখা দিয়াৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা ৷
নগাঁৱত ৰেপিড এন্টিজেন টেষ্টৰ সহায়ত কৰ'ণা পৰীক্ষা আৰম্ভ কৰাৰ পাচতেই পোহৰলৈ আহিছে কৰ'ণাৰ গণ সংক্ৰমণৰ তথ্য । আৰক্ষী ব্যৱসায়ীৰ পিছত এইবাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ এজন কৰ্মচাৰীৰ লগতে এন এইচ এমৰ গাড়ী চালক, লেবৰেটৰী টেকনেছিয়ানো আক্ৰান্ত হৈছে ক'ভিড 19 ত ।