অসম

assam

ETV Bharat / state

Exclusive interview: অপৰাধীৰ বাবে দুঃস্বপ্ন হৈ পৰা এগৰাকী আৰক্ষী অধীক্ষক; এবছৰত জব্দ কৰিলে প্ৰায় ১২৩ কোটি টকাৰ ড্ৰাগছ - নগাঁৱত এবছৰত ১০০ কোটিৰো অধিক টকাৰ ড্ৰাগছ জব্দ

ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান অব্যাহত আছে (Nagaon police raid against Drugs)। যোৱা এবছৰত প্ৰায় ১২৩ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে । প্ৰায় ৫৪৩ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে । ৪,১৪৯ টা গৰু জব্দ কৰিছে নগাঁও আৰক্ষীয়ে । অপৰাধীক কঠোৰ সকিয়নী আৰক্ষী অধীক্ষক লীনা দলেৰ ৷ এই সন্দৰ্ভত আৰক্ষী অধীক্ষক দলেৰ সৈতে ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ...

Nagaon Police raid
নগাঁৱত এবছৰত ১০০ কোটিৰো অধিক টকাৰ ড্ৰাগছ জব্দ

By

Published : Apr 25, 2023, 4:44 PM IST

নগাঁৱত এবছৰত ১০০ কোটিৰো অধিক টকাৰ ড্ৰাগছ জব্দ

নগাঁও, ২৫ এপ্ৰিল :নগাঁও জিলাত শেহতীয়া দিনবোৰত যথেষ্ট পৰিমাণে অপৰাধমূলক কাৰ্যকলাপ সংঘটিত হোৱা দেখা গৈছে (Crime in Nagaon)। নগাঁও আৰক্ষীৰ বাবে চোৰ, ডকাইতকে ধৰি বিভিন্ন অপৰাধী কোনো কোনো সময়ত মূৰৰ কামোৰণি হৈ পৰে । কিন্তু আই পি এছ বিষয়া আনন্দ মিশ্রৰ বদলিৰ পাচতেই সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰি নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব লৈছিল আৰক্ষী বিষয়া লীনা দলেয়ে (Nagaon SP Leena Doley) ।

এবছৰ পূৰ্বে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পাচৰে পৰা লীনা দলেৰ নেতৃত্বত আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে । ড্ৰাগছৰ ঘাটিত পৰিণত হোৱা নগাঁও জিলাক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষী অধীক্ষক লীনা দলেয়ে নেতৃত্ব দিয়া নগাঁও আৰক্ষী অধিক কঠোৰ হৈ পৰে (Nagaon Police raid against drugs)।

বিগত এটা বছৰত ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে চলোৱা অভিযানত প্ৰায় ১০০ কোটিৰো অধিক টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । ২০২২ বৰ্ষৰ প্ৰায় ৮ মাহ আৰু ২০২৩ বৰ্ষৰ ৪ মাহত প্ৰায় ১২৩ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী (Huge amount of drugs seized in Nagaon last year)।

তথ্য অনুসৰি ২০২২ বৰ্ষত ৯৮ কোটি ৬৩ লাখ টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী । ইয়াৰে হেৰ'ইন আৰু ব্ৰাউন চুগাৰৰ পৰিমাণ ৫ কেজি ৩৪ গ্ৰাম, গাঞ্জা ৫ কুইণ্টল ৩৩ কিলোগ্ৰাম, ১১ লাখ ৪৪ হাজাৰ নিচা জাতীয় টেবলেট, ১৮ হাজাৰ নিচাজাতীয় চিৰাপ, ২০২ গ্ৰাম ম'ৰ্ফিন জব্দ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী । ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত প্ৰায় ৫৪৩ জন লোকক বিগত এটা বছৰত গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে (Drugs peddler arrested in Nagaon)।

একেদৰে চলিত ২০২৩ বৰ্ষৰ বিগত প্ৰায় ৪ মাহতে ২৪ কোটি ৫০ লাখ টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী । কেৱল ড্ৰাগছেই নহয় নগাঁও জিলাখনত থকা অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধেও অভিযান চলাই এটা বছৰত ২৭ টাকৈ মাৰণাস্ত্ৰৰ লগতে সক্ৰিয় গুলীও জব্দ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী । অবৈধ মাৰণাস্ত্ৰ ৰখাৰ অপৰাধত ৩২ জন লোককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

ইয়াৰোপৰি বিগত এটা বছৰত নগাঁৱৰ মাজেৰে অবৈধভাৱে সৰবৰাহ কৰা ৪,১৪৯ টা চোৰাং গৰু জব্দ কৰাৰ লগতে গৰুৰ অবৈধ সৰবৰাহত জড়িত ৩৩০ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে (Cattle seized in Nagaon)। ইয়াৰ মাজতে নগাঁৱৰ কোনো অপৰাধীয়ে ৰেহাই নাপাব বুলিও ইটিভি ভাৰতৰ সন্মুখত অপৰাধীক একপ্ৰকাৰ সকীয়নি প্ৰদান কৰিছে আৰক্ষী অধীক্ষক লীনা দলেয়ে ।

লগতে পঢ়ক :Home Ministry suspends NIA officer : দুৰ্নীতিৰ অভিযোগত নিলম্বন NIA বিষয়াক !

ABOUT THE AUTHOR

...view details