বটদ্ৰৱা, 27মে':পুনৰ ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ ইটিভি ভাৰতত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে বটদ্ৰৱাৰ দিব্যাংগ শিল্পী গোপাল কাকতিৰ কাষত থিয় দিলে এহাল দম্পত্তিয়ে ৷ সুদীৰ্ঘ ২১ বছৰ ধৰি বটদ্ৰৱা থানৰ আকাশীগংগালৈ যোৱাৰ পথৰ দাঁতিত ভক্তিমূলক গীত গাই তীৰ্থযাত্ৰী সকলৰ পৰা লাভ কৰা দান বৰঙণিৰ পৰা জীৱিকা-নিৰ্বাহ কৰি আহিছিল গোলাঘাট জামুগুৰিৰ গাঁৱত জন্ম গ্ৰহণ কৰা দিব্যাংগ শিল্পী গোপাল কাকতিয়ে ৷
কিন্তু বৰ্তমান সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি হৈ থকা লকডাউনৰ ফলত দুৰ্যোগ নামি আহিছে শিল্পীগৰাকীৰ জীৱনলৈ ৷ কাৰণ দুমাহ ধৰি বটদ্ৰৱা থানত নাই তীৰ্থযাত্ৰী, নাই পৰ্যটক । যাৰ বাবে তেওঁ দুবেলা দুমুঠি অন্নৰ বাবে কৰিবলগীয়া হৈছে হাহাকাৰ আৰু এই বাতৰি সম্প্ৰচাৰ হৈছিল একমাত্ৰ ইটিভি ভাৰতত । বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই শিল্পীগৰাকীৰ কাষত থিয় হ'ল নগাঁৱৰ সমাজ সেৱক এহাল দম্পত্তি তথা ''বৰ্ণিল আকাশ সাহিত্য সংস্কৃতিৰ মুকলি মঞ্চ'' ৰ মুখ্য প্ৰশাসিকা মায়ামণি দেৱী আৰু তেওঁৰ স্বামী ভৰত কেওঁট ।