নগাঁও, 28 মে’ : চলিত মাহৰ 12 তাৰিখে ই টিভি ভাৰতত সম্প্ৰচাৰ হৈছিল শিক্ষাৰ্থীৰ ইউনিফৰ্মৰ নামত নগাঁৱত সংঘটিত হোৱা কমিচনৰাজৰ এটা বাতৰি (School uniform scam in Nagaon) ৷ এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই এতিয়া তোলপাৰ লাগিছে নগাঁও শিক্ষা বিভাগত । শিক্ষা বিভাগৰ সৰ্বশিক্ষাৰ অধীনত শিক্ষাৰ্থীক বিনামূলীয়া ইউনিফৰ্ম প্ৰদান(Free uniform distribution)ৰ দৰে এক আঁচনি গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে ।
ইউনিফৰ্ম প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা বান্ধি দিয়া হৈছিল কিছু নীতি নিয়ম । কিন্তু চৰকাৰী নীতি নিয়মক ভৰিৰে মোহাৰি একাংশ বিষয়া, শিক্ষক কমিচনৰাজৰ জৰিয়তে ব্যাপক দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছিল । কেৱল অভিযোগেই নহয় এগৰাকী শিক্ষকৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল বিভিন্ন মাধ্যমত ।এগৰাকী ব্যক্তি আৰু শিক্ষকৰ মাজত হোৱা বাৰ্তালাপৰ ভিডিঅ’ত স্পষ্ট হৈছিল ইউনিফৰ্মৰ নামত হোৱা কমিচনৰাজৰ কিছু তথ্য ।