অসম

assam

ই টি ভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ : নগাঁৱত জিলা প্ৰশাসনে নিষিদ্ধ কৰিলে চীনা সামগ্ৰী !

By

Published : Mar 22, 2020, 11:04 AM IST

ই টি ভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ। নগাৱঁত বন্ধ হ'ল চীনা মাস্কৰ বিক্ৰী। তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ জিলা উপায়ুক্তৰ। জিলা প্ৰশাসনে জব্দ কৰিলে চীনা মাস্ক।

etv bharat news impact
নগাঁৱত জিলা প্ৰশাসনে নিষিদ্ধ কৰিলে চীনা সামগ্ৰী

নগাঁও, 21 মাৰ্চ : নগাওঁ চহৰৰ পদপথত মুকলিকৈ চীনা মাস্ক বিক্ৰী হোৱাৰ বাতৰি শুকুৰবাৰে সম্প্ৰচাৰ হৈছিল একমাত্ৰ ই টি ভি ভাৰতত। নগাওঁ চহৰৰ অন্যান্য প্ৰান্তৰ লগতে খোদ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ সমীপতেই মুকলিকৈ বিক্ৰী হৈছিল চীনা মাস্ক। যি সময়ত চীনৰ পৰাই উৎপত্তি হৈ মহামাৰী ৰূপ লোৱা কৰ'ণা ভাইৰাছে সমগ্ৰ বিশ্ববাসীক আতংকিত কৰি তুলিছে, সৰ্বত্ৰে সজাগতা আৰু চৰকাৰ প্ৰশাসনে এটাৰ পিছত আনটো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে তেনে সময়তে নগাওঁ চহৰত মুকলিকৈ বিক্ৰী হৈছিল চীনা মাস্ক। অজ্ঞাত একাংশই এই মাস্ক ৬০ ৰ পৰা ৭০ টকা দৰত বিক্ৰী কৰাৰ বিপৰীতে আন একাংশ আতংকিত হৈ পৰিছিল এইসমূহ চীনা মাস্কক লৈ । শুকুৰবাৰে এক অনুসন্ধান চলায় ই টি ভি ভাৰতৰ সাংবাদিকে পোহৰলৈ আনিছিল এই ভয়ংকৰ ব্যৱসায়ৰ তথ্য।

নগাঁৱৰ হয়বৰগাঁৱত এখন পাইকাৰী চীনা বজাৰ থকাৰ তথ্যও পোহৰলৈ আহিছিল ই টি ভি ভাৰতৰ অনুসন্ধানত । সংবাদ মাধ্যমটোৱে এই বাতৰি প্ৰকাশ কৰাৰ পিচতেই তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়াই । শনিবাৰে পুৱাৰ পৰাই পদপথত থকা দোকানসমূহ বন্ধৰ নিৰ্দেশ দিয়ে জিলা প্ৰশাসনে । ইয়াৰোপৰি দোকানসমূহত থকা চীনা মাস্কসমূহ জব্দ কৰে প্ৰশাসনৰ লোকে। চীনা মাস্ক আৰু অন্যান্য সামগ্ৰী যাতে বিক্ৰী কৰিব নোৱাৰে তাৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে জিলা উপায়ুক্ত যাদৱ শইকীয়াই । বজাৰত চীনা মাস্ক বিক্ৰী সন্দৰ্ভত এটা মাত্ৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে জিলা উপায়ুক্তই গ্ৰহণ কৰা তাৎক্ষণিক ব্যৱস্থাই প্ৰমাণ কৰিলে জিলা প্ৰশাসনৰ তৎপৰতা ।

লগতে পঢ়ক : কৰ'ণা আতংকঃ চিকিৎসক বিশেষজ্ঞৰ ৰাইজলৈ বিশেষ আহ্বান

ABOUT THE AUTHOR

...view details