অসম

assam

ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ: শিৱানীৰ গৃহত বিধায়িকা আঙুৰলতা

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ আৰ্থিক অনাটনক প্ৰত্যাহ্বান জনাই সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা শিৱানীৰ কাষত উপস্থিত হৈছে বটদ্ৰৱাৰ বিজেপি বিধায়িকা আঙুৰলতা ডেকা ।

By

Published : Jun 10, 2020, 4:54 PM IST

Etv bharat news Impact MLA Angoorlota help sibani nagaon assam news
শিৱাণীৰ বাসগৃহত বিধায়িকা আঙুৰলতা

বটদ্ৰৱা, 10 জুন:নগাঁৱৰ জাজৰি মাজগাঁৱস্থিত ন-ভেটিৰ শিৱাণী বৰাৰ বাসগৃহত অৱশেষত উপস্থিত হ’ল বিধায়িকা আঙুৰলতা ডেকা ৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯০ শতাংশ নম্বৰ লাভেৰে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিৱাণীৰ পৰিয়ালৰ আৰ্থিক অনাটনৰ বাতৰি প্ৰকাশ পাইছিল ইটিভি ভাৰতত ৷ মোমায়েকৰ ঘৰত থাকি পঢ়া-শুনা কৰা শিৱানীৰ সপোন এগৰাকী সফল চিকিৎসক হোৱাৰ ৷ কিন্তু শিৱাণীৰ স্বপ্ন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত আৰ্থিক অনাটন হৈ পৰিছিল একপ্ৰকাৰৰ প্ৰাচীৰ স্বৰূপ । এনে সময়তে শিৱানীৰ কাষত থিয় দিয়ে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা । বিধায়িকাগৰাকী ছাত্ৰীগৰাকীৰ ঘৰত উপস্থিত হৈ অভিনন্দন জ্ঞাপনৰ লগতে শিৱানীৰ উচ্চ শিক্ষাৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । বিধায়িকা গৰাকীৰ এই পদক্ষেপক শলাগ লৈছে অঞ্চলটোৰ ৰাইজে ।

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ

ABOUT THE AUTHOR

...view details