অসম

assam

ইটিভিৰ বাতৰিৰ প্ৰভাৱঃ ৰীনা ভূমিজৰ পৰিয়াললৈ হৃদয়ৱান লোকৰ সহায়ৰ হাত

By

Published : Jul 11, 2021, 1:30 PM IST

ইটিভি ভাৰতত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে দুৰ্ভগীয়া ৰীনা ভূমিজ নামৰ মহিলা গৰাকীৰ পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বহু সু-হৃদয়বান লোক ৷ সূদূৰ হায়দৰাবাদৰ ব্যক্তিয়েও আগবঢ়ালে খাদ্যৰ টোপোলা ৷

etv-bharat-news-impact-few-people-come-forward-to-help-reena-bhumijs-family
ৰীনা ভূমিজৰ পৰিয়াললৈ হৃদয়ৱান লোকৰ সহায়ৰ হাত

চামগুৰি, 11 জুলাই: ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ (Barhampur Constituency) অন্তৰ্গত চাপানালা গাঁও পঞ্চায়তৰ অধীনৰ চামগাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালৰ দুৰ্বিসহ জীৱন পৰিক্ৰমা ই টিভি ভাৰতে প্ৰচাৰ কৰাৰ পাছতে দুৰ্ভগীয়া পৰিয়ালটোলৈ খাদ্যৰ টোপোলা আগবঢ়াইছে সুদূৰ হায়দৰাবাদৰ এজন সু-হৃদয়ৱান লোকে ৷ প্ৰচাৰ মাধ্যমত পৰিয়ালটোৰ দুৰ্দশাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে ব্যক্তি গৰাকীৰ লগতে বহু হৃদয়বান লোকে পৰিয়ালটোলৈ আগবঢ়াইছে সহায়ৰ হাত ৷ পৰিয়ালটোক খাদ্য সামগ্ৰী যোগান ধৰা হায়দৰাবাদৰ বাসীন্দা ৰবি কুমাৰ জাগীৰোডস্থিত এফ টু প্ৰতিষ্ঠানত কৰ্মৰত ৷

ৰবি কুমাৰে কঠালগুৰিস্থিত গান্ধী কেচাৰত কৰ্মৰত শ্ৰী নিবাসৰ জৰিয়তে আগবঢ়াইছে চাউল, আটা, দালি, নিমখ, মিঠাতেলকে ধৰি বিভিন্ন ধৰণৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী ৷ কিন্তু সুদূৰ হায়দৰাবাদৰ এজন ব্যক্তিয়ে পৰিয়ালটোক সহায়ৰ আগবঢ়োৱাৰ পাছতো দুৰ্ভগীয়া পৰিয়ালটোৰ প্ৰতি কোনো ধৰনৰ অনুকম্পা প্ৰকাশ নকৰিলে চাপানালা গাঁও পঞ্চায়তটোৰ জন প্ৰতিনিধি সকলে ৷ যাৰ বাবে সচেতন মহলত এই প্ৰসংগটো যথেষ্ট চৰ্চিত হৈছে ৷ দুৰ্ভগীয়া পৰিয়ালটোৱে চৰকাৰৰ পৰা জনপ্ৰতিনিধি সকলৰ পৰা সহায়-সহযোগিতা বিচাৰি কাতৰ আহ্বান জনাইছে যদিও এই পৰ্যন্ত আগবাঢ়ি অহা নাই প্ৰশাসনৰ কোনো এজন লোক ৷

ৰীনা ভূমিজৰ পৰিয়াললৈ হৃদয়ৱান লোকৰ সহায়ৰ হাত

উল্লেখ্য যে, চাপানালা গাঁও পঞ্চায়তৰ অধীনৰ চামগাঁৱত পক্ষাঘাত ৰোগত ৰোগাক্ৰান্ত ৰীনা ভূমিজ নামৰ মহিলা গৰাকীয়ে তিনি পুত্ৰসহ অতি দুৰ্বিসহ জীৱন পৰা কৰাৰ খবৰ ই টিভি ভাৰতে কিছুদিন পূৰ্বে প্ৰচাৰ কৰিছিল ৷ বিগত দুবছৰে উপাৰ্জনক্ষম স্বামীৰ ঠিকনা নোহোৱা হোৱাত তিনি পুত্ৰ সহ জীয়াই থকাৰ কঠোৰ সংগ্ৰাম কৰিব লগীয়া হৈছে মহিলা গৰাকীয়ে ৷

মহিলা গৰাকীৰ ঘৰখনত নাই এপদো ঘৰুৱা সামগ্ৰী ৷ পিন্ধিবলৈ নাই কাপোৰ ৷ দুবছৰীয়া সৰু ল'ৰাটোৱে জন্মৰে পৰা কাপোৰ পিন্ধি পোৱা নাই বুলি জনাইছিল মাতৃ গৰাকীয়ে ৷ ডাঙৰ পুত্ৰ সন্তান বিষ্ণুৱে 8 বছৰ বয়সতে স্কুল এৰি লোকৰ ঘৰত হাজিৰা কৰি কোনোমতে পৰিয়ালটো চলাই আহিছে ৷

হাজিৰা কৰি পোৱা সামান্য টকা কেইটাৰ লগতে কচু-ঢেকীয়া বেছি পোৱা টকাৰে বিষ্ণুৱে কোনো মতেহে দুই ভাতৃ আৰু মাতৃসহ চাৰিজনীয়া পৰিয়ালটো চলাই অহাৰ কথা প্ৰকাশ কৰি ৰাইজৰ সহায় বিচাৰিছিল মাতৃ গৰাকীয়ে ৷ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছৰে পৰা একাংশ হৃদয়ৱান লোকে মহিলা গৰাকীক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ৷ কিন্তু চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা বৰ্তমানেও কোনা ধৰণৰ যোগাযোগ কৰা হোৱা নাই বুলি জনাইছে পৰিয়ালটোৱে ৷

লগতে পঢ়কঃঅসমত সন্তান জন্ম দি চৰ্চাত এগৰাকী কাৰাবন্দী ৰহিঙীয়া মহিলা

ABOUT THE AUTHOR

...view details