অসম

assam

By

Published : Nov 1, 2019, 1:12 PM IST

ETV Bharat / state

নগাঁৱৰ প্ৰথমখন 'এথনিক ভিলেজ'ৰ মৰ্যদা লাভৰ দিশত কলিয়াবৰৰ নতুন-ডাঙ্গা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ,স্থানীয় বিধায়ক,কলিয়াবৰ মহকুমা প্ৰশাসন,ডব্লিউ ডব্লিউ এফৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰে নগাঁও জিলাৰ প্ৰথমখন "এথনিক ভিলেজ"ৰ মৰ্যদা লাভৰ পথত অগ্ৰসৰ হৈছে নতুন-ডাংগা গাঁও ৷ দেশী-বিদেশী পৰ্যটকৰ সুবিধাৰ্থে নতুন ৰূপত গঢ়ি তোলা হৈছে নতুন-ডাঙ্গাক ৷

নগাঁৱৰ প্ৰথমখন 'এথনিক ভিলেজ'

কলিয়াবৰ,1 নৱেম্বৰঃ কলিয়াবৰক বিশ্ব মানৰ পৰ্যটন ক্ষেত্ৰ ৰূপে গঢ় দিয়াৰ লক্ষ্যৰে কলিয়াবৰত গঢ়ি তোলা হৈছে 'এথনিক ভিলে'জ' । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ,স্থানীয় বিধায়ক,কলিয়াবৰ মহকুমা প্ৰশাসন,ডব্লিউ ডব্লিউ এফৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰে নগাঁও জিলাৰ প্ৰথমখন "এথনিক ভিলেজ"ৰ মৰ্যদা লাভৰ পথত অগ্ৰসৰ হৈছে নতুন-ডাংগা গাঁও ৷ যাৰ বাবে কাজিৰঙাৰ দাঁতিকাষৰীয়া 37 নম্বৰ ঘাইপথৰ কাষতে অৱস্থিত গাঁওখন গঢ়ি তোলা হৈছে ন-ৰূপত । লগতে সামূহিক প্ৰচেষ্টাৰে মুকলিত মল-মূত্ৰ ত্যাগ বৰ্জিত আৰু সকলোৰে বাবে বিশুদ্ধ খোৱাপানীৰ সুচল ব্যৱস্থাৰে কাজিৰঙা আৰু কলিয়াবৰলৈ আগমণ হোৱা পৰ্যটকক আকৰ্ষণ আৰু সুবিধা প্ৰদানৰ ব্যৱস্থা গঢ়ি তোলা হৈছে । ইয়াৰোপৰি সুস্বাদু পৰম্পৰাগত খাদ্য সম্ভাৰৰো বন্দোবস্তি কৰা হৈছে । নিৰাপত্তাৰ দিশত সহযোগিতা প্ৰদান কৰি জখলাবন্ধা আৰক্ষীয়ে দেশী-বিদেশী পৰ্যটকৰ নিৰাপত্তাৰ দিশটোও সুনিশ্চিত কৰিছে। নগাঁও জিলাৰ প্ৰথমখন "এথনিক ভিলেজ" নতুন ডাঙ্গাক লৈ সকলোৰে এতিয়া দৃষ্টি নিবদ্ধ হৈ পৰিছে ।

নগাঁৱৰ প্ৰথমখন 'এথনিক ভিলেজ'

ABOUT THE AUTHOR

...view details