অসম

assam

ETV Bharat / state

বুঢ়াচাপৰি অভয়াৰণ্যলৈ তীব্ৰ ভাবুকি নমাইছে লুইতৰ খহনীয়াই - erosion threat to burhachapori sanctuary nagaon assam etv bharat news

বুঢ়াচাপৰিত অব্যাহত লুইতৰ খহনীয়া । ইতিমধ্যে তিনিখনকৈ বিদ্যালয়,মন্দিৰ আদি জাহ গৈছে ব্ৰহ্মপুত্ৰৰ খহনীয়াত ৷ এই খহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াইছে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যলৈ । ইতিমধ্যে লুইতৰ বুকুত বিলীন হৈছে অভয়াৰণ্যখনৰ এটা বৃহৎ অংশৰ লগতে 1938 চনত স্থাপিত নেপালী গাঁও । এই সন্দৰ্ভত যুগুতোৱা হৈছে ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

erosion threat to burhachapori sanctuary nagaon assam etv bharat news
বুঢ়াচাপৰি অভয়াৰণ্য

By

Published : Sep 7, 2020, 7:35 PM IST

নগাঁও,7 ছেপ্তেম্বৰ:ভয়াৱহ ৰূপ ধাৰণ কৰি ব্রক্ষ্মপুত্ৰৰ গৰাখহনীয়াই তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে নগাঁও-শোণিতপুৰ জিলাৰ সীমান্তৱৰ্তী বুঢ়াচাপৰি অভয়াৰণ্যৰ প্ৰতি । 1938 চনত গ্ৰেজিং ৰিজাৰ্ভ আৰু 1995 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰা বুঢ়াচাপৰিৰ ভূমি এতিয়া লুইতৰ খহনীয়াৰ কবলত । 44.06 বৰ্গ কিল’মিটাৰ ভূমি জোৰা অভয়াৰণ্যখনৰ প্ৰায় 10 বৰ্গ কিল’মিটাৰ ভূমি ইতিমধ্যে জাহ গৈছে খহনীয়াত ৷ এই হাৰত খহনীয়া অব্যাহত থাকিলে আগন্তুক চাৰি-পাঁচ বছৰৰ ভিতৰত অসমৰ মানচিত্ৰৰ পৰা নোহোৱা হ’ব অভয়াৰণ্যখন ৷ এসময়ৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু অভয়াৰণ্যখনত অব্যাহত থকা খহনীয়াক লৈ চিন্তিত বুঢ়াচাপৰি বন বিভাগৰ লগতে একাংশ প্ৰকৃতিপ্ৰেমী ।

মাথোন এয়াই নহয় অভয়াৰণ্যখনৰ সমীপতে থকা বুঢ়াচাপৰি ধনীয়া গাঁওখনো এতিয়া নিশ্চিহ্ন হোৱাৰ পথত । 1938 চনত স্থাপিত এই গাঁৱলৈ 1957 চনত নিৰ্বাচনী প্ৰচাৰৰ অৰ্থে আহিছিল প্ৰয়াত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু ৷ বুঢ়াচাপৰিৰ শিশুআটি আৰু বগুৰিআটি নামৰ গাওঁ দুখনো জাহ গৈছে ব্ৰক্ষ্মপুত্ৰৰ বুকুত ৷ অঞ্চলটোৰ তিনিখন বিদ্যালয়ৰ লগতে কেইবাটাও মন্দিৰ ইতিমধ্যে বিলীন হৈছে ব্রক্ষ্মপুত্ৰত ৷ গৃহহীন হৈছে বহু পৰিয়াল । বাৰে বাৰে বাসস্থান সলনি কৰিও নিস্তাৰ লাভ কৰা নাই এইসকল লোকে ৷

বুঢ়াচাপৰি অভয়াৰণ্যত খহনীয়া অব্যাহত

এই ঐতিহ্যমণ্ডিত অঞ্চলৰ লগতে এখন বিখ্যাত অভয়াৰণ্য ব্রক্ষ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰি নিশ্চিহ্ন হোৱাৰ উপক্ৰম ঘটিছে যদিও চৰকাৰ তথা প্ৰশাসনৰ এইক্ষেত্ৰত নাই কোনো গুৰুত্ব । আনকি জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলাত খহনীয়াই এনে ভয়াৱহ ৰূপ ধাৰণৰ পিছতো খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগীয় কৰ্তৃপক্ষই গ্ৰহণ কৰা নাই কোনো স্থায়ী ব্যৱস্থা । সময় থাকোতে উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে সঁচাকৈয়ে এদিন পাহৰণিৰ গৰ্ভত বিলীন হ’ব বুঢ়াচাপৰি অভয়াৰণ্য ৷

লগতে চাওকঃগোলাঘাটত তেল চোৰ চক্ৰৰ উৎখাত-৬ জনক গ্ৰেপ্তাৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details