কলিয়াবৰ, 16 জুন :ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াৰ কৱলত এতিয়া কলিয়াবৰ শিলঘাটৰ নৈপৰীয়া অঞ্চল । শিলঘাটৰ ৰবৰ-বাৰীৰ বিস্তৃৰ্ণ অঞ্চলৰ লুইতৰ খহনীয়াত জাহ গৈছে ৷ ইতিমধ্যে খহনীয়া কৱলত পৰি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে অশোকাষ্টমী মেলা পথাৰৰ কেইবা বিঘা খেতি-মাটি ।
ইফালে ব্ৰহ্মপুত্ৰৰ এই খহনীয়াই শিলঘাটস্থিত অসম সমবায় মৰাপাট কলটোলৈও শংক কঢ়িয়াই আনিছে ৷ কিয়নো মৰাপাট কলটোৰ পৰা নিচেই ওচৰতে সংঘটিত হৈছে ব্ৰহ্মপুত্ৰৰ এই ভয়ংকৰ খহনীয়া ৷
বিগত দুমাহ ধৰি অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধ কৰা বাবে তাৎক্ষণিক পদক্ষেৰ গ্ৰহণ কৰিছে জলসম্পদ বিভাগে ৷ ইতিমধ্যে শিলঘাটলৈ অনা হৈছে বৃহৎ সংখ্যক পাৰ্কুপাইন । মৰাপাট কলৰ সন্মুখভাগৰ মেলা পথাৰ আৰু ৰবৰবাৰীৰ সমীপত ত্ৰিশূলধাৰী মন্দিৰৰ দিশে গতি কৰা খহনীয়া ৰোধৰ কৰা বাবে তৎপৰ হৈছে জলসম্পদ বিভাগ ৷