কলিয়াবৰ,২৯ মে':বিশ্ব পৰিৱেশ দিৱস পালন কৰিবলৈ ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি (Preparations for World Environment Day) । কলিয়াবৰত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে লোৱা হৈছে বিশেষ পদক্ষেপ (World Environment Day)। বিশ্ব পৰিৱেশ দিৱসৰ দিনা সকলো বাসগৃহ, অনুষ্ঠান-প্রতিষ্ঠানসমূহত একে সময়তে ৰোপন কৰা হ’ব গছপুলি । পুৱা ১০-৪৫-ৰ পৰা ১১-০০ বজাৰ ভিতৰত ৰোপন কৰা হ'ব গছপুলি । লক্ষ্য হ’ল ১৫ মিনিটত ১ লাখ পুলি ৰোপন কৰা(One Lakh Plantation in Fifteen Minutes) ।
কলিয়াবৰ মহকুমা প্রশাসনে অসম বিজ্ঞান, প্রযুক্তি আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত আৰু মহকুমাটোৰ গাঁও পঞ্চায়তসমূহ তথা বিভিন্ন বিদ্যালয়, অনুষ্ঠান-প্রতিষ্ঠানৰ সহায়-সহযোগত এই পদক্ষেপ গ্রহণ কৰিছে । বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলকো সজাগ কৰা এক অভিযান আৰম্ভ কৰিছে । কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে নিজে পৰিৱেশ সম্পৰ্কীয় সজাগতাৰ বাবে ভালেসংখ্যক বিদ্যালয় পৰিদৰ্শন কৰিছে ।