অসম

assam

ETV Bharat / state

কৰ্মচাৰী পৰিষদৰ উদ্যোগত নগাঁৱত বিশ্ব পৰিৱেশ দিৱস পালন

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত আৰু পুৰণিগুদাম আঞ্চলিক সমিতিৰ সহযোগত পুৰণিগুদামৰ ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত ঔষধি উদ্ভিদৰ লগতে বিভিন্ন ধৰণৰ ফল-মূলৰ গছপুলি ৰোপণ কৰা হয় ।

By

Published : Jun 6, 2021, 1:40 PM IST

nagaon
বিশ্ব পৰিৱেশ দিৱস পালন

চামগুৰি,৬ জুন:অসমৰ প্ৰায় প্ৰতিখন জিলাতে পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস (World Environment Day) । নগাঁও জিলাৰো বিভিন্ন প্ৰান্তত সংগঠন আৰু বহুতো সংস্থা আদিৰ উদ্যোগত গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । নগাওঁ জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত আৰু পুৰণিগুদাম আঞ্চলিক সমিতিৰ সহযোগত পুৰণিগুদামৰ ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত ঔষধি উদ্ভিদৰ লগতে বিভিন্ন ধৰণৰ ফল-মূলৰ গছপুলি ৰোপণ কৰা হয় ।

ক'ভিড প্ৰট'কল পালন কৰি অনুষ্ঠিত হয় এখন সম্বৰ্ধনা সভা ৷ নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি মিণ্টু শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ উপদেষ্টা, ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদককে ধৰি উপস্থিত বিভিন্নজনক জনোৱা হয় সম্বৰ্ধনা ।

লগতে পঢ়ক :শিৱসাগৰত উদযাপন বিশ্ব পৰিৱেশ দিৱস

ABOUT THE AUTHOR

...view details