কলিয়াবৰ, ৩০ মাৰ্চ:কলিয়াবৰত অসম সাংস্কৃতিক সঞ্চালকালয়ৰ সৌজন্যত আয়োজিত দহদিনীয়া বিহু কৰ্মশালাৰ সফল সামৰণি(End of Bihu Workshop in Koliabor) । অসম সাংস্কৃতিক সঞ্চালকালয়ৰ সৌজন্যত ’টিপকাই’ৰ উদ্যোগত আৰু কলিয়াবৰৰ সাহিত্য সংস্কৃতি ক্ৰীড়াক্ষেত্ৰৰ অগ্ৰণী অনুষ্ঠান ফ্ৰেণ্ডশ্বীপ ক্লাবৰ সহযোগত মঙ্গলবাৰে কলিয়াবৰৰ নাগশংকৰস্থিত ডা° টি. আও গ্ৰাম্য ক্ৰীড়াঙ্গনত অনুষ্ঠিত দহদিনীয়া বিহু কৰ্মশালাখনিৰ সামৰণি পৰে ।
দুই শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখনিত মুখ্য প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে বিহুৱা জয়ন্ত সোণোৱালৰ লগতে বিহু সম্ৰাজ্ঞী নীলাক্ষি বৰগোহাঞি, চয়নিকা কাশ্যপ, প্ৰত্যাশী মহন্ত, টিনামনি বৰা, ৰাখী দত্ত, হিমাদ্ৰী বৰাৰ লগতে অৰুণ শইকীয়া, দিপু দত্তকে ধৰি বহুকেইগৰাকী প্ৰশিক্ষকে ৷ সামৰণিৰ দিনটোত অসমৰ এগৰাকী বিশিষ্ট বিহুৱা কৃষ্ণমণি নাথেও প্ৰশিক্ষক ৰূপে অংশগ্ৰহণ কৰে ।