চামগুৰি, 28 নৱেম্বৰ :এইবাৰ চৰকাৰী মাটিত নহয়, চাওতে-চাওতে বহু সংখ্যক সন্দেহজনক লোকে এতিয়া বসতি স্থাপন কৰিছে ৰাইজৰ ম্যাদী পট্টা মাটিতো (Settlement in suspected people)। যি সময়ত গৰুখুঁটি, লামডিঙৰ দৰে চৰকাৰী ভূমি তথা বনাঞ্চলৰ পৰা অবৈধ বেদখলকাৰী(Illegal Encroachers)ক উচ্ছেদ কৰিবৰ বাবে চৰকাৰে ইতিমধ্যেই তৎপৰতা কৰিছে ৷ কিন্তু তেনে সময়তে নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বালিজুৰিত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য ৷
বালিজুৰিৰ চামচকী নামৰ চাপৰি সদৃশ পট্টাদাৰি মাটিত স্থানীয় ৰাইজৰ অজ্ঞাতে এঘৰ এঘৰকৈ বসতি স্থাপন কৰি বেদখলৰ চেষ্টা কৰিছে একাংশ সন্দেহজনক লোকে (Encroachment by suspected people) । জানিব পৰা মতে, চামচকীত প্ৰথম অৱস্থাত কেইজনমান পট্টাদাৰীয়ে দুই এজন লোকক খেতি কৰিবৰ বাবে নিজৰ মাটিত অস্থায়ীভাৱে থাকিবলৈ অনুমতি দিছিল ৷ অভিযোগ অনুসৰি, দুই এজনৰ পৰা ক্ৰমাৎ আশ্চৰ্যজনকভাৱে বাঢ়িবলৈ আৰম্ভ কৰে চাপৰিটোত অস্থায়ীভাৱে বাস কৰা লোকৰ সংখ্যা ৷
স্থানীয় লোকে সদৰী কৰা মতে, পৰৱৰ্তী সময়ত চাপৰিটোত ৰাইজৰ অজ্ঞাতে ভৰি পৰে বহু সংখ্যক সন্দেহজনক লোকৰ পৰিয়াল । আনকি এসপ্তাহ পূৰ্বে চামচকীলৈ আলহী খাবলৈ আহি গৰু-গাই সহ ঘৰ সাজি নিগাজীকৈ বসবাস কৰাৰ চেষ্টা কৰিছিল এটি সন্দেহজনক লোকৰ পৰিয়ালেও ।