নগাঁও, ২৭ অক্টোবৰ: এখন দেশৰ উন্নতিৰ পথত দুৰ্নীতিয়ে যে বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে সেয়া সৰ্বজনবিদিত । প্ৰায়েই দুৰ্নীতিৰ সৈতে বহু চৰকাৰী বিষয়াৰো নাম সাঙোৰ খাই পৰে । সেয়ে, নগাঁৱৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা হৈছে । দৰাচলতে, ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ।
"স্বাধীন ভাৰত @৭৫: ন্যায়নিষ্ঠাৰ সৈতে আত্মনিৰ্ভৰশীলতা" শীৰ্ষক বিষয়ক লৈ ২০২১ বৰ্ষৰ সতৰ্কতা সজাগতা সপ্তাহ পালন কৰা হৈছে । ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ আয়োজিত এই কাৰ্যসূচীৰ অংশ হিচাপে নগাঁও জিলা প্ৰশাসনে বুধবাৰে শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰে । এই অনুষ্ঠানতে দুৰ্নীতি নিৰ্মূলৰ বাবে শপত গ্ৰহণ কৰে বিষয়া-কৰ্মচাৰীসকলে ।