অসম

assam

ETV Bharat / state

নগাঁৱত কৰ'ণা বিৰোধী যুঁজৰ সেনানীক গামোচাৰে সম্বৰ্ধনা - Emergency service workers facilitated

নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি জৰুৰীকালীন সেৱাত নিয়োজিত চিকিৎসক,চিকিৎসা কৰ্মী,আৰক্ষী আৰু সাংবাদিক সকলে পালন কৰিছে নিজৰ কৰ্তব্য ৷

Emergency service workers facilitated by NGO in Nagaon
নগাঁৱত কৰ'ণা বিৰোধী যুঁজৰ অন্যতম সেনানীক গামোচাৰে সম্বৰ্ধনা

By

Published : Apr 21, 2020, 5:48 PM IST

নগাঁও, 21 এপ্ৰিল: বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে জাৰি কৰা লক ডাউনৰ সময়ত নিজৰ সুৰক্ষাৰ বাবে গৃহবন্দী হৈ আছে প্ৰায় সকলো লোক ৷ কিন্তু এনে সময়তে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি জৰুৰীকালীন সেৱাত নিয়োজিত চিকিৎসক,চিকিৎসা কৰ্মী,আৰক্ষী আৰু সাংবাদিক সকলে পালন কৰিছে নিজৰ কৰ্তব্য ৷ ইয়াৰ উপৰিও সাধাৰণ জনতাৰ সুৰক্ষা আৰু সুবিধা সুনিশ্চিত কৰিবলৈ দিনে নিশাই কামত নিয়োজিত হৈ আছে নগাঁও জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীৰ লগতে দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰতিজন বিষয়া কৰ্মচাৰী ৷ বৰ্তমান নিৰ্দিষ্ট সময়ৰ উপৰিও অতিৰিক্ত সময় কৰ্তব্য পালন কৰি আহিছে নগাঁও জিলাৰ প্ৰশাসনৰ মুৰব্বীৰ পৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়েও ৷

নগাঁৱত কৰ'ণা বিৰোধী যুঁজৰ অন্যতম সেনানীক গামোচাৰে সম্বৰ্ধনা

কৰ'ণা মহামাৰীৰ দৰে ভয়াৱহ ভাইৰাছৰ ত্ৰাসৰ সময়তো নিজৰ কৰ্তব্য কৰি যোৱা নগাঁও জিলাৰ বিষয়া কৰ্মচাৰী সকলক অধিক উৎসাহিত কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহিল ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ নামৰ এটা স্বেচ্ছাসেৱী সংগঠন ৷ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ সময়তে নিজ পৰিয়ালৰ পৰা আঁতৰি নিজৰ কৰ্তব্য পালন কৰা জিলা প্ৰশাসনৰ লগতে দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়া কৰ্মচাৰী সকলক অসমীয়াৰ স্বাভিমান গামোচাৰে সম্বৰ্ধনা জনায় স্বেচ্ছাসেৱী সংগঠনটোৱে ৷ প্ৰথমে জিলা উপায়ুক্ত যাদৱ শইকীয়াক দিনে নিশাই সেৱা আগবঢ়াই অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এখনি গামোচাৰে জনায় সম্বৰ্ধনা ৷ ইয়াৰ পিছতেই জিলা প্ৰশাসনৰ প্ৰতিজন কৰ্মচাৰী,অতিৰিক্ত উপায়ুক্তৰ লগতে দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়া কৰ্মচাৰীক একোখনকৈ গামোচাৰে জনায় সম্বৰ্ধনা ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে ৷

লগতে পঢ়কঃ নগাঁৱত প্ৰতিদিনে গৰু চোৰ,হাহাকাৰ ৰাইজৰ

ABOUT THE AUTHOR

...view details