নগাঁও, 28 জানুৱাৰী : ATTENTION মন্ত্ৰী পীযুষ হাজৰীকা ৷ আপুনি বাৰু জ্ঞাত নে কি চলি আছে নগাঁও জলসম্পদ বিভাগত (Scam in Nagaon Water resources department)? অভিযোগ অনুসৰি, নগাঁৱৰ লাওখোৱা বগামুখৰ এটা মথাউৰি নিৰ্মাণত চলিছে ব্যাপক অনিয়ম ৷ যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷
দীর্ঘদিন ধৰি বান গৰাখহনীয়াৰ সৈতে সহাৱস্থান কৰি অহা লাওখোৱাৰ বগামুখবাসীৰ বাবে এটা ভাল খবৰ কঢ়িয়াই আনিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ জলসম্পদ বিভাগে (Water resources department scam in Nagaon) । বগামুখ বুঢ়াচাপৰি সংযোগী এটা অৰ্ধভগ্ন মথাউৰি নিৰ্মাণৰ বাবে জলসম্পদ বিভাগে এছ অ' পি ডি শিতানৰ অধীনত আবন্টন দিছে প্ৰায় তিনি কোটি টকা ।
টকা আবন্টন ঠিকেই দিছে । বিভাগীয় নিয়ম অনুযায়ীয়েই ভগ্ন মথাউৰিটো নিৰ্মাণৰ ঠিকাৰ দায়িত্ব প্ৰদান কৰা হৈছে এটা প্ৰতিষ্ঠানক । মথাউৰি নিৰ্মাণ কাৰ্যও চলি আছে, কিন্তু কামৰ নমুনা দেখিয়ে হতভম্ব হৈছে অঞ্চলবাসী ৷ নগাঁও জলসম্পদ বিভাগৰ বিষয়া অভিযন্তাৰ ৰহস্যজনক ভূমিকাৰ সুযোগ লৈয়েই বালিৰেই চলাইছে মথাউৰি নিৰ্মাণৰ কাম ।
নগাঁও জলসম্পদ বিভাগে যেন এইসমূহ হাবি জংঘল আৰু বালিৰেই সুৰক্ষিত কৰি ৰাখিব দীর্ঘদিন ধৰি বান গৰাখহনীয়াৰ কৱলত পৰি ককবকাই থকা বগামুখবাসীক । বিভাগীয় কৰ্তৃপক্ষৰ নীৰৱতা আৰু ঠিকাদাৰৰ এনে মইমতালিৰ বিৰুদ্ধে শেহতীয়াকৈ জাঙুৰ খাই উঠিছে স্থানীয় লোক ।