কলিয়াবৰত বন্যহস্তীৰ তাণ্ডৱ
বাঘজানত তিনিটা পৰিয়ালৰ ঘৰ লণ্ড-ভণ্ড ৷ বাসগৃহৰ লগতে ভড়াল ঘৰৰো ক্ষতিসাধন ৷
কলিয়াবৰ, 5 জুলাই : কলিয়াবৰত পুৱা বন্যহস্তীৰ তাণ্ডৱ ৷ বাঘজানৰ তিনিটা পৰিয়ালৰ ঘৰ লণ্ড-ভণ্ড কৰে হাতীয়ে ৷ বাঘজানতো অমুনা দেৱী নামৰ মহিলাগৰাকীৰ ভড়াল ঘৰৰ ধান খাই লণ্ড-ভণ্ড কৰে বন্যহস্তীয় । জখলাবন্ধা আৰক্ষী নিৱেশৰ সমীপৰ বাঘজানত অমুনা দেৱী নামৰ মহিলাগৰাকীৰ ভঁড়াল ঘৰৰ ধান খাই লণ্ড-ভণ্ড কৰে এটা বন্যহস্তীয়ে । হাতীটোৱে গাঁওখনৰ গনেশ গুৱালা নামৰ লোকজনৰ বাসগৃহ ভাঙি ক্ষতিসাধন কৰাৰ লগতে ভঁড়াল ঘৰ ভাঙি বুজন পৰিমাণৰ ধানৰ ক্ষতিসাধন কৰে। আনহাতে বন্যহস্তীটোৱে ক্ষতিসাধন কৰে গাঁওখনৰে প্ৰহ্লাদ তাঁতী নামৰ লোকজনৰ বাসগৃহটোও। বন্যহস্তীটোৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে তাঁতী। আনহাতে, বৃহস্পতিবাৰে নিশা নাম-কামাখ্যা গাঁৱৰ দুটাকৈ পৰিয়ালৰ বাসগৃহৰো ক্ষতি সাধন কৰে বন্যহস্তীয়ে।