অসম

assam

ETV Bharat / state

বঢ়মপুৰৰ বিভিন্ন এলেকাত বন্যহস্তীৰ ত্ৰাস - বন বিভাগৰ নিম্ন ভূমিকা

নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া আতংকৰ অন্য নাম বন্যহস্তী ৷ বন্যহস্তীৰ জাকে প্ৰতিদিনে পথাৰৰ সোণালী ধান খাই নষ্ট কৰাৰ লগতে ৰাইজৰ ঘৰ দুৱাৰ ভাঙি চূড়মাৰ কৰি যায় ৷

Nagaon
বন্যহস্তীৰ ত্ৰাস

By

Published : Dec 26, 2019, 7:53 PM IST

বঢ়মপুৰ, 26 ডিচেম্বৰঃনগাঁও জিলাৰ কামপুৰৰ বিভিন্ন এলেকাত বিগত এটা মাহ ধৰি বন্যহস্তীয়ে ত্ৰাস চলাই থকা তথ্য পোহৰলৈ আহিছে ৷ বিগত এটা মাহ ধৰি বন্যহস্তীৰ তাণ্ডৱত ত্ৰস্তমান হৈ থকা ৰাইজে অভিযোগ কৰে ৷ এই ক্ষেত্ৰত বন বিভাগৰ নিম্ন ভূমিকাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

বঢ়মপুৰৰ ভিন্ন এলেকাত বন্যহস্তীৰ ত্ৰাস
জানিব পৰা মতে কামপুৰৰ ভিন্ন অঞ্চলত প্ৰতিদিনে বন্যহস্তীৰ জাক পাহাৰৰ পৰা বনাঞ্চললৈ নামি আহে ৷ ৰাইজৰ খেতি পথাৰ আৰু ঘৰ দুৱাৰ ভাঙি নষ্ট কৰে ৷ কামপুৰৰ পটিয়াপাম, কাৱৈমাৰী, তেতেলীসৰা, নৈপাম, বৰকোলা আদি বিভিন্ন প্ৰান্তত নিশাৰ লগতে দিনৰ পোহৰতো বন্যহস্তীয়ে পথাৰত ত্ৰাসৰ সৃষ্টি কৰিছে ৷ ৰাইজৰ অভিযোগ অনুসৰি ৰাজ্যৰ বিয়াগোম বন বিভাগে দিনে নিশাই ত্ৰাসৰ সৃষ্টি কৰি অহা বন্যহস্তী খেদাত ব্যৰ্থ হৈছে ৷

ABOUT THE AUTHOR

...view details