কলিয়াবৰ,৯ জুলাই :কলিয়াবৰত এতিয়া নিশা হ'লেই বন্য হস্তীৰ (wild elephants) উপদ্ৰৱত টোপনি নাহে গাঁওবাসীৰ । ধৰাবাহিকভাৱে হাতীৰ উপদ্ৰৱে কলিয়াবৰৰ কেইবাখনো গাঁৱৰ বাসিন্দাক শংকিত কৰি তুলিছে । কলিয়াবৰৰ শিলঘাটৰ কেন্দুপাম, কামাখ্যা গাঁও, ঢেকিয়াল গাঁও, বাণীপুৰ আদি গাঁৱত নিশা প্ৰায়ে বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলায় ।
খাদ্যৰ সন্ধানত কাজিৰঙাৰ (Kaziranga) পৰা ওলাই আহি বন্য হস্তীয়ে গ্ৰামাঞ্চলত প্ৰৱেশ কৰি বহুতৰে ঘৰ, দোকান, ভঁৰাল ভাঙি ধান খোৱাৰ লগতে অনিষ্ট কৰে বিভিন্ন সা-সামগ্ৰী । বন্য হস্তীৰ এনে উপদ্ৰৱৰ বাবে এতিয়া সমগ্ৰ অঞ্চলত তীব্ৰ আতংকই বিৰাজ কৰিছে । ইফালে নিশা হ'লে জখলাবন্ধা আৰু শিলঘাট বনবিভাগে ৰাইজৰ মাজত উপস্থিত হৈ ফটকা ফুটাই হাতী খেদিবৰ বাবে চেষ্টা কৰি আহিছে যদিও বন্য হস্তীৰ আতংকৰ পৰা মুক্ত কৰিব পৰা নাই ৰাইজক ।
প্ৰকৃতি প্ৰেমীসকলে (Nature lover) ধাৰণা কৰা মতে বন্য হস্তীৰ উপদ্ৰৱৰ কাৰণ জনসাধাৰণৰ প্ৰকৃতি ধ্বংসও অন্যতম যদিও এই ক্ষেত্ৰত দূৰদৰ্শিতাৰ অভাৱে এনে সংঘাটক অধিক সাৰ-পানী যোগাইছে । বন বিভাগৰ (Forest department) দূৰদৰ্শিতাৰ অভাৱৰ ফলতো ৰাজ্যৰ বন্যপ্ৰাণীয়ে ভয়ানক খাদ্য সংকটত (Food crisis) ভূগিছে বুলি একাংশ গঞা ৰাইজে বিশ্বাস কৰে । কিয়নো বন বিভাগৰ তদাৰকত থকা বন ভূমি তথা পাহাৰত বন বিভাগে মূল্যৱান গছ লগোৱাৰ যি কাৰ্য্য হাতত লৈছিল, সেই কাৰ্য্যই ৰাজ্যখনক কোনো দিশতে সহায় কৰিব পৰা নাই ।