কলিয়াবৰ, 26মেঃ নগাঁও জিলাৰ কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰৱ ৷ খাদ্যৰ সন্ধানত কামাখ্যা পাহাৰৰ পৰা নামি অহা বন্য হস্তীয়ে উপদ্ৰৱ চলাইছে কলিয়াবৰৰ বিভিন্ন অঞ্চলত । মঙলবাৰে পুৱতি নিশা কলিয়াবৰৰ সোনাৰী গাঁৱত উপদ্ৰৱ চলালে এটা বন্যহস্তীয়ে । গাঁওখনৰ পদুম হাজৰিকা নামৰ লোকজনৰ বাসগৃহৰ ক্ষতিসাধন কৰে এটা প্ৰকাণ্ড বন্যহস্তীয়ে ৷ ভঁৰালৰ ধান বিচাৰি বাসগৃহটোৰ সন্মূখৰ গ্ৰীল ভাঙি ক্ষতিসাধন কৰে ৷
কলিয়াবৰত বন্য হস্তীৰ সন্ত্ৰাস - খাদ্যৰ সন্ধানত কামাখ্যা পাহাৰ
খাদ্যৰ সন্ধানত উলাই অহা বন্য হস্তীয়ে সোণাৰী গাঁৱত পদুম হাজৰিকাৰ গৃহ ভাঙি লণ্ড-ভণ্ড কৰে ৷

কলিয়াবৰত বন্য হস্তীৰ সন্ত্ৰাস
কলিয়াবৰত বন্য হস্তীৰ সন্ত্ৰাস
ইপিনে বন বিভাগে যদি বন্যহস্তীৰ জাকটো খেদি নপঠিয়াই অঞ্চলটোত পুনৰ উপদ্ৰৱ চলোবাৰ আশংকা প্ৰকাশ কৰিছে ৷ লগতে বন বিভাগক বিহিত অতিশীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷
লগতে চাঁওকঃ কলিয়াবৰত ভয়ংকৰ গৰাখহনীয়াত শংকিত নৈপৰীয়া ৰাইজ