অসম

assam

ETV Bharat / state

বঢ়মপুৰৰ কামপুৰত অব্যাহত বন্যহস্তীৰ ত্ৰাস - তেতেলীসৰা

বন্যহস্তীৰ ত্ৰাসত বঢ়মপুৰৰ কামপুৰত স্থানীয় ৰাইজে বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে ৷ দেওবাৰে পুৱতি নিশা হাতীৰ জাকটোৱে তেতেলীসৰাত কেইবাটাও বাসগৃহৰ ক্ষতিসাধন কৰে ৷

barhampur
বঢ়মপুৰ

By

Published : Dec 29, 2019, 11:17 AM IST

বঢ়মপুৰ, 29 ডিচেম্বৰঃ নগাঁও জিলাৰ কামপুৰত অব্যাহত আছে বন্যহস্তীৰ ত্ৰাস ৷ দিনে নিশাই জনাঞ্চলত বন্যহস্তীৰ মুক্ত বিচৰণৰ বাবে একাংশ ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৷ ৰাইজৰ অভিযোগ অনুসৰি বনকৰ্মীৰ অনুপস্থিতিৰ বাবে ৰাইজে খেদিছে হাতী ৷

বন্যহস্তীৰ ত্ৰাস
জানিব পৰা মতে বিগত এটা মাহে নগাঁৱৰ সদৰ কামপুৰ আৰু কঠিয়াতলী বন আঞ্চলিক কাৰ্য়ালয়ৰ বিভিন্ন এলেকাত এটা হাতীৰ জাকে তাণ্ডৱ চলাই আহিছে ৷ অঞ্চলটোৰ কেইবাটাও বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰিছে হাতীৰ জাকটোৱে ৷ তেনে সময়তে দেওবাৰে পুৱতি নিশা হাতীৰ জাকটোৱে কামপুৰৰ পূৱ তেতেলিসৰা গাঁৱৰ ৰঞ্জিত দাস আৰু প্ৰদীপ দাস নামৰ লোক দুজনৰ ভড়াল ঘৰ আৰু গোসাঁই ঘৰ ভঙাৰ লগতে ঘৰৰ চৌহদ ভাঙি লণ্ড ভণ্ড কৰে ৷ উল্লেখ্য যে, বিগত এটা মাহে বন্যহস্তীৰ জাকটোৱে পথাৰৰ পকা ধান খোৱাৰ লগতে কৃষকৰ বাৰীৰ তামোল-পান, কলগছ ভাঙি চুৰমাৰ কৰিছে যদিও বন বিভাগে এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই বুলি গাঁওবাসীয়ে অভিযোগ কৰে ৷
কামপুৰত অব্যাহত বন্যহস্তীৰ ত্ৰাস

ABOUT THE AUTHOR

...view details