অসম

assam

ETV Bharat / state

আমচৈত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ মৃত্যু - বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ মৃত্যু

বুধবাৰে পুৱা আমচৈৰ কেঁকোৰা গাঁৱত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আঁকোৱালি লয় এটা বন্যহস্তীয়ে ৷

elephant died in raha by electric shock
আমচৈত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ মৃত্যু

By

Published : Jun 3, 2020, 3:17 PM IST

ৰহা, 3 জুনঃনগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ আমচৈৰ কেঁকোৰা গাঁৱত বুধবাৰে পুৱা বিদ্যুৎস্পৃষ্ট হৈ এটা বন্যহস্তীয়ে মৃত্যুক আঁকোৱালি লয় ৷ আমচৈৰ কেঁকোৰা গাঁৱৰ চাৰ্থে ৰংপী নামৰ লোক এজনৰ বাৰীত সংঘটিত হয় এই অঘটন ৷ হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ লোক গৰাকীয়ে ঘৰৰ বাৰীত সংযোগ কৰিছিল এটা বিদ্যুৎ পৰিবাহী লাইটৰ খুটা ৷

আমচৈত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু বন্যহস্তীৰ

মঙলবাৰে নিশা বনাঞ্চলৰ পৰা অহা এটা প্ৰায় 10 বছৰীয়া মখনা হাতী আবাসিক এলেকাটোত প্ৰৱেশ কৰি কেইবাটাও বাসগৃহ ভাগি,পুৱতি নিশা চাৰ্থে ৰংপী নামৰ লোকজনৰ বাৰীত সোমাওতেই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় ৷ ৰাইজে সন্দেহ অনুসৰি,হাতীটোৱে বিদ্যুতৰ পোহৰ দেখি শুৰেৰে বাল্বটো আজোৰি অনাৰ চেষ্টা কৰোতে বাল্বটো ভাঙি বিদ্যুৎস্পৃষ্ট হয় ৷ পৰৱৰ্তী সময়ত বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ হাতীটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি উক্ত স্থানতে সমাধিস্থ কৰে ৷ উল্লেখ্য যে অঞ্চলটোত দীৰ্ঘদিন ধৰি বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে আৰু ইয়াৰ পূৰ্বেও কেইবাটাও হাতী মৃত্যুমুখত পৰিছে ৷

লগতে পঢ়কঃগোলাঘাটত বন্যহস্তীৰ সন্ত্ৰাস

ABOUT THE AUTHOR

...view details